ASSAM TIMES POST
পণ্যাশ্ৰী শইকীয়া, খুমটাইঃ সমগ্ৰ দেশৰ লগতে গোলাঘাটতো জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উদযাপন কৰা হয়৷ মহামানৱ গান্ধীজয়ন্তী উপলক্ষে বুধবাৰে গোলাঘাটৰ অন্যতম শিক্ষানুষ্ঠান ‘গোলাঘাট শিশু ভৱন’ পৰিয়ালৰ তৰফৰ পৰা গোলাঘাটৰ প্ৰবীণ সমাজকৰ্মী তথা বাওপন্থী আন্দোলনৰ ধ্বজাবাহক তীখেশ্বৰ তামুলীক নিজ বাসগৃহত গৈ সম্বৰ্দ্ধনা জনোৱা হয় | উক্ত অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সাগৰীকা বৰা, শিক্ষয়িত্ৰীক্ৰমে ইন্দিৰা নেওগ, কৃষ্ণাক্ষী চান্দ, ৰূপালীম বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰাজুমণি গগৈ, জ্যেষ্ঠ সদস্যা চফিয়া হুছেইন, কুসুম তামুলী, স্থানীয় সমাজকৰ্মী দীপ্তি গোহাঁই উপস্থিত থাকে ৷













