![]()
মনোৰঞ্জনঃ
শেহতীয়াকৈ আমিৰ খানে অমিতাভ বচ্চনৰ ছবি “ঝুণ্ড” উপভোগ কৰে। জানিব পৰা মতে, অভিনেতা আমিৰ খানেহে অমিতাভ বচ্চনক ছবিখনত অভিনয় কৰিবলৈ অনুপ্ৰাণিত কৰিছিল৷ অমিতাভ বচ্চনক আকৌ এবাৰ পৰ্দাত দেখিবলৈ পোৱা যাব৷ এই ছবিখনত তেওঁক এজন ফুটবল প্ৰশিক্ষকৰ চৰিত্ৰত দেখা যাব৷ অমিতাভ বচ্চনৰ বয়স ৭৯ বছৰ আৰু বিগ বিয়ে “ঝুণ্ড” ছবিখনত এটা বেচৰকাৰী সংগঠনৰ প্ৰতিষ্ঠাপক বিজয় বাৰ্ছে নামে লোকৰ ভূমিকা পালন কৰিছে।
লাভ কৰা খবৰ মতে, আমিৰ খানে অমিতাভ বচ্চনক এই চৰিত্ৰটো তৈয়াৰ কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ আমিৰ খানে এই ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰে৷ অমিতাভ বচ্চনৰ শ্ৰেষ্ঠ ছবিসমূহৰ ভিতৰত এইখনো এখন অতি ভাল ছবি বুলি অভিহিত কৰিছে আমিৰ খানে৷ দৰাচলতে, অমিতাভ বচ্চনলৈ “ঝুণ্ড” ৰ প্ৰস্তাৱ যোৱাৰ পূৰ্বে ছবিখন আমিৰ খানলৈ আহিছিল৷ কাহিনীটো শুনি তেওঁ কেৱল অমিতাভ বচ্চনলৈ চৰিত্ৰটো প্ৰেৰণ কৰাই নহয়, চৰিত্ৰটো কৰিবলৈ যোৰো দিছিল৷
এই কথাত নিশ্চিতি প্ৰদান কৰি অমিতাভ বচ্চনে কয় যে, “মোৰ মনত আছে, যেতিয়া মই আমিৰ খানৰ সৈতে আলোচনা কৰিছিলো। তেওঁ মোক কৈছিল যে মই এই ছবিখন কৰা উচিত আৰু আমিৰ খানে কিবা ক’লে কি হয় আপুনিটো জানেই।’ ইয়াৰ পূৰ্বেও, টি-চিৰিজে এটা ভিডিঅ’ মুকলি কৰিছিল। য’ত আমিৰ খানে ছবিখন চোৱাৰ পিছত আৱেগিক হৈ পৰিছিল। চকুপানী মুচি তেওঁ থিয় হৈ ছবিখনৰ প্ৰশংসা কৰিছিল।













