![]()
ষ্টাফ ৰিপৰ্টাৰ
ডিফুঃ ধনশিৰি আৰক্ষীৰ তৎপৰতাত নাগালেণ্ডৰ পৰা এটা চুৰি মটৰ চাইকেল উদ্ধাৰ কৰা হয়৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি কাৰবি আংলং জিলাৰ ধনশিৰিৰ পৰা চুৰি হোৱা AS 09 H 5131 মটৰ চাইকেলৰ সন্ধানত নামি পৰে আৰক্ষী ৷
ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল নেওগে যংগীয় ষ্টাফ লিটন দাস আৰু বৰচিং বে’ সহ সাহসেৰে নাগালেণ্ড ৰাজ্যত প্ৰৱেশ কৰে ৷
বিশেষ সূত্ৰৰ পমখেদি অভিযানকাৰী দলটো নাগালেণ্ডৰ দুটা জিলা অতিক্ৰম কৰি পেৰেন জিলাৰ জালুকিত প্ৰৱেশ কৰি জালুকিৰ পৰা চুৰি মটৰ চাইকেল সহ হোজাই জিলাৰ মোৰাঝাৰৰ পদুমনি হাতীখালি গাঁৱৰ জাকিৰ হুছেইন (২৮)ক আটক কৰিবলৈ সক্ষম হয় ৷ চুৰি মটৰ চাইকেলখন ২৪ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা কাৰ্যক ৰাইজে প্ৰশংসা কৰিছে ৷













