![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী উৰ্বশী ৰৌতেলা ভাগ্যৱান আছিল যে তেওঁ এটা নিৰ্দ্দিষ্ট সময়ত নিজৰ দেশলৈ উভতি আহিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ, উৰ্বশীয়ে যুদ্ধৰ দুদিন আগৰ উত্তেজনাপূৰ্ণ কাহিনী বৰ্ণনা কৰে, যাৰ বাবে তেওঁ দৃশ্যগ্ৰহণ এৰিব লগা হৈছিল। অভিনেত্ৰী গৰাকীয়ে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ চিমহালক লগ কৰাৰ কথা আছিল কিন্তু বাতিল কৰিবলগীয়া হৈছিল। প্ৰকৃততে, ইউক্ৰেইনক বলীউড আৰু দক্ষিণৰ ছবিৰ বাবে পছন্দৰ শ্বুটিঙৰ ঠাই বুলি গণ্য কৰা হয়। সেইকাৰণে বেছিভাগ ছবিৰেই তাত দৃশ্যগ্ৰহণ কৰা হয়।
ইউক্ৰেইনৰ পৰা উভতি অহাৰ পিছত উৰ্বশীয়ে এক সাক্ষাৎকাৰত কয় যে, যেতিয়া তেওঁ শ্বুটিং কৰি আছিল তেতিয়া সেই পৰিৱেশত উত্তেজনা আছিল। উৰ্বশীৰ ভাতৃসকলে ইউক্ৰেইনৰ পৰিস্থিতি দেখি বৰ বিচলিত হৈছিল। কিন্তু উৰ্বশীৰ দেউতাক তেওঁৰ কিছু কামৰ বাবে তাত থকা ফলত অভিনেত্ৰী গৰাকীয়ে নিজক কিছু সুৰক্ষিত অনুভৱ কৰিছিল।
কিন্তু পৰিস্থিতিৰ অৱনতি দেখি উৰ্বশীৰ দলটোৱে যুদ্ধৰ দুদিন আগতে উভতি অহাৰ সিদ্ধান্ত লয়। এনেদৰেই তেওঁ ভাৰতলৈ ঘূৰি আহিছিল। এতিয়া অভিনেত্ৰীগৰাকীয়ে টিভিত যুদ্ধৰ পৰিস্থিতি দেখি সন্ত্ৰাসগ্ৰস্ত হৈ পৰিছে।
উৰ্বশীয়ে আশা প্ৰকাশ কৰিছে যে, যুদ্ধ সোনকালেই সমাপ্ত হ’ব যাৰ পিছত তেওঁ ইউক্ৰেইনত পুনৰ এবাৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব। একে সময়তে, উৰ্বশীয়ে যুদ্ধত মৃত্যু হোৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। সাক্ষাৎকাৰৰ সময়ত, তেওঁক অতি শংকিত দেখা গৈছিল।













