![]()
স্বাস্থ্য প্ৰতিবেদনঃ
কেৱল শীতকাল নহয়, সকলো ঋতুৰ বাবেই গাজৰ ‘ছুপাৰ ফুড’। পটাছিয়াম, কেলছিয়াম, ভিটামিন সমৃদ্ধ গাজৰ শৰীৰ সুস্থ ৰখাৰ অন্যতম অস্ত্ৰ।
লিভাৰ ভালে ৰাখিবলৈ
গাজৰৰ ৰস লিভাৰ ভালে ৰাখিবলৈ সক্ষম। গাজৰত থকা বিটা-কেৰোটিন আৰু ফ্লেভোনয়েড উপাদানে লিভাৰৰ কার্যকাৰিতা সচল আৰু স্বাভাৱিক কৰি ৰাখে।
কেন্সাৰ প্রতিৰোধত
গাজৰত ফেলকাৰিনল নামৰ এবিধ ৰাসায়নিক যৌগ থাকে। যিয়ে কেন্সাৰ প্রতিৰোধ কৰাত সহায় কৰে। বিশেষকৈ স্তন কেন্সাৰৰ সম্বাৱনা কমোৱাত গাজৰৰ ভূমিকা অতি গুৰুত্বপূর্ণ। প্রতিদিনাই গাজৰ খালে মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কমে প্রায় ৬০ শতাংশ। ক্ষতিগ্রস্ত কোষবোৰ মেৰামতি কৰাতো গাজৰৰ ৰস অপৰিহার্য।
ডায়েবেটিছ
ফাইবাৰ আৰু ভিটামিন এ সমৃদ্ধ গাজৰ ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী। গাজৰে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰখাত সহায় কৰে। ডায়েবেটিছ ৰোগীসকলৰ বাবে গাজৰ উপকাৰী এবিধ পাচলি।













