![]()
মনোৰঞ্জনঃ
“সীমান্ত শেখৰে মোৰ বিষয়ে মাত মাতি লাভ নাই।মোক ঢুকি পাবলৈ তাক ৭টা জনম লাগিব।অদৰকাৰী কথা কব নালাগে”– গেৰুৱা বসনধাৰী গায়ক সীমান্ত শেখৰক এইদৰে কটাক্ষ শিল্পী জুবিন গাৰ্গৰ।
দুদিন পূৰ্বে মৰিগাঁও পৌৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত সীমান্তৰে কা’ আন্দোলনত শিল্পীসকলক ভয়-ভাবুকি দেখুৱাই ব্যৱহাৰ কৰা বুলি মন্তব্য প্ৰকাশ কৰা উপৰিও বিহু আয়োজনক লৈ এক মন্তব্য প্ৰকাশ কৰিছিল।বিশেষকৈ চৰকাৰে ৭দিনত বিহু শেষ কৰিবলৈ কোৱাত বিৰোধীতা কৰা শিল্পী জুবিন গাৰ্গক কটাক্ষ কৰিছিল।
তাৰ প্ৰত্যুত্তৰত শনিবাৰে শিল্পী জুবিনে পাটশালা এক অনুষ্ঠান অংশলবলৈ গৈ সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কয়।সি সৰু লৰা তাৰ কথা কৈ লাভ নাই, চৰকাৰে যি দায়িত্ব দিছে তাক কৰক সীমান্তই – জুবিনে কয়।আনহাতে বিহু কেতিয়া পাতে ৰাইজে সিদ্ধান্ত লব।ৰাতিপুৱা পাতে নে গধূলি পাতে তেওঁলোকৰ কথা।শিল্পীসকলৰ বাবে মই কৈ আছোঁ।
তিনিবছৰ অনুষ্ঠান কৰিব পৰা নাই, তেওঁলোকে প্ৰগ্ৰেম কৰিব লাগিব।কোৰোনা মাজত নিৰ্বাচনী প্ৰচাৰ চলিতে আমি মাত মতা নাই।শিল্পীক কিয় মাৰিব বিচাৰিছে। বিজেপি-কংগ্ৰেছী একো নহয়।শিল্পীৰ বাবে সদায় মাত মাতিম-জুবিনে কয়।যিসকল ভাল শিল্পী মোক বিশ্বাস কৰে তেওঁলোক সদায় মোৰ হতে থাকিব, যাৰ বিশ্বাস নাই তেওঁলোক যাব পাৰে বুলিও জুবিনে কয়।













