![]()
অজন্তা তালুকদাৰ,
বোকাখাতঃ ৰাজ্যখনৰ আন আন স্থানৰ লগতে আজি বোকাখাততো পৌৰসভাৰ নিৰ্বাচন শান্তিপূৰ্বকভাৱে অনুষ্ঠিত হৈ যায়। বোকাখাতৰ মুঠ ১০ টা ৱাৰ্ডৰ বাবে ২১ টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ১০,২৭৯ ভোটদাতাই সাব্যস্ত কৰে ভোটাধিকাৰ। ইয়াৰে ৫,২১০ পুৰুষ আৰু ৫,০৬৯ মহিলা। বোকাখাতৰ সৰ্বমুঠ ভোটদাতা ১৫,৩০০।

বোকাখাতৰ ২০২২ পৌৰ নিৰ্বাচনত ১০ ৱাৰ্ডত মুঠ ৩০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰে অগপ-ৰ ৬ জন আৰু বিজেপিৰ ৪ জন সহ মুঠ মিত্ৰজোঁটৰ প্ৰাৰ্থী ১০ জন। কংগ্ৰেছৰ সৰ্বাধিক ৯ জন প্ৰাৰ্থী, জাতীয় পৰিষদৰ ৩ জন প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থী ৮ জন ।

বোকাখাত পৌৰসভাৰ ২০২২ নিৰ্বাচনত ৬৭.১৯% আৰু ৬৭.৩৭% মহিলাৰে মুঠ ৬৭.২৮% ভোটদান হয় মহকুমাটোত। মহকুমাটোৰ মুঠ ২১ টা ভোট কেন্দ্ৰত ৩৫ টা EVM মেচিনত হৈছে ভোটগ্ৰহন। মহকুমাটোৰ সৰ্বাধিক ১,১২২ টা ভোটাদাতা থকা কেন্দ্ৰটো হৈছে ১ নং দ-গাঁও যুৱক সংঘ ভোট কেন্দ্ৰ ।

উল্লেখ্য যে বোকাখাতৰ ৯ নং ৱাৰ্ডৰ খ্ৰীষ্ট্ৰজ্যোতি বিদ্যালয় ভোটকেন্দ্ৰত আজি পৌৰসভাৰ নিৰ্বাচনত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। ৰাজ্যখনৰ ৮০ পৌৰসভাৰ লগতে বোকাখাতৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডতেই মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।













