![]()
নিউজ ডেস্কঃ
শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত জয়লাভ ভাৰতৰ।২২২ৰাণ আৰু ইনিংছৰ ব্যৱধানত অধিনায়ক ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে পৰাস্ত কৰে দ্বীপ ৰাষ্ট্ৰখনক।
উল্লেখ্য ভাৰতে প্ৰথম ইনিংচত ৰবীন্দ্ৰ জাদেজা অপৰাজিত ১৭৫ৰানৰ সহায়ত ৫৭৪ৰান কৰিছিল।প্ৰত্যুত্তৰত শ্ৰীলংকাই প্ৰথম ইনিংছত ১৭৪ আৰু দ্বিতীয় ইনিংছত ১৭৮ৰান কৰিবলৈ সক্ষম হয়।ভাৰতৰ হৈ টেষ্টখনত ৰবীন্দ্ৰ জাদেজাই মুঠ ৯উইকেত দখল কৰে।উল্লেখ্য যে পাঞ্জাৱৰ মহালিত অনুষ্ঠিত হৈছিল খেলখন।













