![]()
নিউজ ডেস্কঃ
পেলেস্তাইনত ৰহস্যজনকভাৱে মৃত্যু ভাৰতীয় প্রতিনিধিৰ। দেওবাৰে কর্মস্থলীৰ পৰা মুকুল আর্যৰ মৃতদেহ উদ্ধাৰ হয়। কেনেদৰে তেওঁৰ মৃত্যু হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৰামাল্লাত ভাৰতীয় দূতাবাসলৈ গৈছিল তেওঁ।
বিদেশমন্ত্রী এছ জয়শঙ্কৰে টুইট কৰি ভাৰতীয় প্রতিনিধিজনৰ মৃত্যুৰ খবৰ জনাইছে। বিদেশমন্ত্রীয়ে টুইটত লিখিছে, ‘পেলেস্তাইনৰ ৰামাল্লাত ভাৰতীয় প্রতিনিধি মুকুল আর্যৰ মৃত্যুৰ খবৰত অত্যন্ত দুখিত। তেওঁ এজন অত্যন্ত উজ্জ্বল আৰু দক্ষ বিষয়া আছিল। তেওঁৰ সন্মুখত উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰিছিল। তেওঁৰ পৰিয়াল আৰু প্রিয়জনৰ প্রতি সমবেদনা জনালো।’
মুকুল আর্যৰ আকস্মিক মৃত্যুত পেলেস্তাইনৰ শীর্ষ নেতৃত্বইও শোক প্রকাশ কৰিছে। পেলেস্তাইনৰ বিদেশ মন্ত্রালয়ে কৈছে, ‘দুখজনক খবৰটো পোৱা পাওয়া মাত্রেই ৰাষ্ট্ৰপতি মাহমুদ আব্বাছ আৰু প্রধানমন্ত্রী মহম্মদ স্তেহাৰে নির্দেশ দিছে যে মুকুলৰ মৃত্যুৰ কাৰণ জানিবলৈ আৰক্ষী, নিৰাপত্তা বাহিনী আৰু স্বাস্থ্য আৰু ফৰেন্সিক ছায়েন্সৰ কর্মচাৰীসকল যেন সোনকালে ঘটনাস্থলীত উপস্থিত হয়।’
বিবৃতিটোক লগতে জনোৱা হৈছে, এই কঠিন আৰু জৰুৰী পৰিস্থিতিত যি কৰাৰ প্রয়োজন, সেয়া কৰা হ’ব। সংশ্লিষ্ট সকলোকে প্রস্তুত থকাৰ নির্দেশ দিয়া হৈছে। মুকুল আর্যৰ মৃতদেহ নিজ দেশলৈ পঠোৱাৰ বাবে দেশখনৰ বিদেশ মন্ত্রালয়ে ভাৰতৰ বিদেশ মন্ত্রালয়ৰ সৈতে যোগাযোগ কৰিছে।
উল্লেখ্য, ২০০৮ চনত ইণ্ডিয়ান ফৰেইন ছার্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিদেশ মন্ত্রালয়ৰ কামত যোগ দিছিল মুকুল আর্যই। তেওঁ দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতি বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।
পেলেস্তাইনলৈ যোৱাৰ পূৰ্বে তেওঁ কাবুল আৰু মস্কোত ভাৰতীয় দূতাবাসতো কাম কৰিছিল। ইয়াৰ উপৰি পেৰিচত ইউনেস্কোৰ স্থায়ী প্রতিনিধি হিচাবেও কাম কৰিছিল। দিল্লীত বিদেশ মন্ত্রালয়ৰ সদৰ কাৰ্যালয়তো কিছুদিন কাম কৰিছিল মুকুলে।













