![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ৰাজধানী কিভ এৰি পলোৱাৰ পথতেই বৃহৎ বিস্ফোৰণ ঘটাইছে ৰুছ বাহিনীয়ে। সেই বিস্ফোৰণত বহু লোক হতাহত হোৱা বুলি দাবী কৰিছে স্থানীয় প্রশাসনে। কিভৰ মেয়ৰে এক বিবৃতিত জনাইছে, চহৰ এৰিবলৈ গৈ তেওঁৰ চকুৰ সন্মুখতেই এটা পৰিয়ালৰ সকলোৰে মৃত্যু হৈছে।
বিবৃতিটোত তেওঁ কৈছে, ‘‘মোৰ চকুৰ সন্মুখতে দুটি সৰু শিশু আৰু দুজন প্রাপ্তবয়স্কৰ মৃত্যু হৈছে।’’ এটি সংবাদ মাধ্যমত প্রকাশিত ছবিতো দেখা গৈছে মৃতদেহবোৰ প্লাষ্টিকৰ চাদৰেৰে ঢাকি থোৱা আছে। তেওঁলোকৰ সন্মুখত আছে এটি ছুটকেছ।
ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ বিষয়ক হাই কমিছনাৰৰ কার্যালয়ৰ পৰা দেওবাৰে জনোৱা হৈছে, ৰাছিয়াৰ আগ্রাসন আৰম্ভ হোৱাৰ পিছৰ পৰা ইউক্রেইনত ২৬০ জন অসামৰিক ব্যক্তি নিহত হৈছে। ২৪ ফেব্রুৱাৰীৰ পৰা প্রায় চাৰে ১০ লাখ লোক ইউক্রেইন এৰি অন্য দেশত শৰণার্থী হৈ আছে।













