![]()
নিউজ ডেস্কঃ
যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা হাঙ্গেৰীৰ মাজেৰে শিক্ষাৰ্থীসকলক উভতাই অনাৰ কাম শেষ পর্যায়ত বুলি ইঙ্গিত দিলে বিদেশ মন্ত্রালয়ে। আজি ইউক্রেইনত আবদ্ধ হৈ থকা সকলো ভাৰতীয়কে তেওঁলোকৰ সম্পর্কে যথাসম্ভৱ তথ্য ইউক্রেইনৰ ভাৰতীয় দূতাবাসক জনাবলৈ কোৱা হৈছে।
ইফালে বিৰোধীৰ অভিযোগ, এতিয়াও বহু সংখ্যক ভাৰতীয় ইউক্রেইনত ৰৈ গৈছে। কিন্তু দেশত নিৰ্বাচন শেষ হোৱাত উদ্ধাৰকার্য চমুৱাই অনাৰ চেষ্টা কৰিছে মোদী চৰকাৰে। ইউক্রেইনৰ ছুমিত এতিয়াও আবদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থীসকলৰ এটি বৃহৎ অংশ। বিদ্যুৎ, খাদ্য আৰু পানীৰ অভাৱৰ পৰিস্থিতিয়ে আৰু শোচনীয় কৰিছে পৰিস্থিতি।
অৱশ্যে ইউক্রেইনৰ ভাৰতীয় দূতাবাসে জনাইছে, ছুমিৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈৰ পোলটাভা চহৰত উপস্থিত হৈছে দূতাবাসৰ দল। তেওঁলোকে ছুমিত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক পশ্চিম ইউক্রেইন সীমান্তলৈ লৈ যোৱাৰ বাবে ‘ছেফ পাছেজ’ৰ তত্ত্বাৱধান কৰিছে। শিক্ষাৰ্থীসকলক সোনকালে ছুমি এৰাৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ কোৱা হৈছে।













