![]()
মনোৰঞ্জনঃ
বিগত কেইবছৰত যদি আপুনি অক্ষয় কুমাৰৰ ছবিবোৰ লক্ষ্য কৰে তেতিয়া দেখিব যে তেওঁ বিভিন্ন চৰিত্ৰ কৰিছে। কিন্তু, এই ভিন্ন চৰিত্ৰবোৰৰ লগত অভিনেতা গৰাকীয়ে নিজৰ চেহেৰাটোৰ সৈতে বেছি পৰীক্ষা-নিৰীক্ষা কৰা নাই। এইবাৰ অৱশ্যে বচ্চন পাণ্ডেয়ে সেই সকলো প্ৰচেষ্টা সম্পূৰ্ণ কৰিছে। ছবিখনৰ ঘোষণা কৰি উলিয়াই দিয়া ফাৰ্ষ্ট লুকৰ লগতেই ছবিখনত অক্ষয়ৰ চেহেৰা চৰ্চাত আছে। আপোনালোকে বাৰু জানেনে? “বচ্চন পাণ্ডে” ৰ বাবে অভিনেতাগৰাকীয়ে ৰূপায়িত চৰিত্ৰ গৰাকীৰ চেহেৰাটোৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছিল, কিয়নো ছবিখন কৰোণা ভাইৰাছ মহামাৰীৰ সময়ত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ছবিখনৰ গোটেই টীমটোৱে ছেটত কোভিড প্ৰটোকল অনুসৰণ কৰিব লগা হৈছিল, যাৰ বাবে মেকআপত যথেষ্ট সময় লাগিছিল।
বচ্চন পাণ্ডে ১৮ মাৰ্চত ফাকুৱা উপলক্ষে মুক্তি পোৱাৰ কথা আছে। ছবিখন পৰিচালনা কৰিছে ফাৰহাদ চামজীয়ে। লগতে ইয়াত কৃতি চানন, জেকলিন ফাৰ্ণাণ্ডেজ আৰু অৰ্শদ ৱাৰ্চীয়ে মুখ্য তাৰকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনৰ প্ৰযোজক চাজিদ নাদিয়াদৱালাৰ সৈতে এইখন অক্ষয় কুমাৰৰ দশমখন ছবি।
অক্ষয়ে “বচ্চন পাণ্ডে”ত এটা ধূসৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনত তেওঁৰ চৰিত্ৰটো যথেষ্ট বিপদজনক বুলি দেখুওৱা হৈছে, যাক প্ৰস্থেটিক মেকআপৰ সহায়ত ডিজাইন কৰা হৈছে। চৰিত্ৰটোত তেওঁৰ এটা চকু শিল হিচাপে দেখুওৱা হৈছে, যাৰ বাবে নীলা লেন্স ব্যৱহাৰ কৰা হৈছে। তেওঁৰ খহটা দাড়িৰ আকৃতি দিবলৈ বহুসময় লাগিছিল। ছবিখনৰ সূত্ৰই কৈছে যে, এই ৰূপটোত সলনি হ’বলৈ অক্ষয়ক ২ ঘণ্টাতকৈও অধিক সময় লাগিছিল। সেই সময়ত, কৰোনা ভাইৰাছ প্ৰটোকলৰ বাবে, অক্ষয়ৰ ভেনিটি ভেনত বহুলোকক যাবলৈ অনুমতি দিয়া হোৱা নাছিল।













