ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ স্বচ্ছতাৰ নামত শিৱসাগৰ জিলা প্ৰশাসন আৰু পৌৰসভাই বিজ্ঞাপনকেন্দ্ৰিক ৰেলী আৰু জাকজমকীয়া অনুষ্ঠান পতাৰ সময়তে শিৱসাগৰ নগৰ ‘জাবৰ নগৰী’লৈ পৰিণত হোৱাৰ সময়তে এটা বেচৰকাৰী সংস্থাই নিৰ্ভেজাল আৰু প্ৰচাৰ বিমুখভাবে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দেখুৱাই আহিছে শিৱসাগৰত৷

চৰাইদেউ জিলাৰ প্ৰত্যন্ত অঞ্চল লাইচেঙত জন্মলভা ‘বৃক্ষবন্ধু’ নামৰ বেচৰকাৰী সংস্থাটোৱে জন্মলগ্নৰে পৰা দায়বদ্ধতাৰে প্ৰকৃতি ৰক্ষাৰ নিৰন্তৰ যুঁজখন অব্যাহত ৰাখিছে৷ শেহতীয়াভাবে ‘বৃক্ষবন্ধুৱে’ ঐতিহাসিক জেৰেঙা পথাৰত ৪২ বিধ বিলুপ্তপ্ৰায় থলুৱা ফলমূলৰ পুলি ৰোপন কৰাৰ লগতে শিৱসাগৰ জাতীয় বিদ্যালয়ত ৰূপায়ন কৰিছে প্ৰকৃতি ৰক্ষাৰ সজাগতা অনুষ্ঠান৷

চৰাইদেউ-শিৱসাগৰ জিলাত প্ৰকৃতি সুৰক্ষাৰ কামত নিয়োজিত ‘বৃক্ষবন্ধু’ৱে আজি ঐতিহাসিক তলাতল ঘৰৰ চৌপাশত ৰূপায়ন কৰে এক অনন্য অনুষ্ঠান৷ আজি গান্ধী জয়ন্তী উপলক্ষে ‘বৃক্ষবন্ধু’ৱে এ টি ৰোডৰ পৰা তলাতল ঘৰলৈ যোৱা পথৰ দুয়ো কাষে থকা গছত আপুৰুগীয়া অৰ্কিড সংৰোপন কৰাৰ লগতে ঐতিহাসিক তলাতল ঘৰ আৰু গোলাঘৰৰ চৌপাশৰ স্বচ্ছতাৰ বাবে বাঁহৰে নিৰ্মিত অৰ্ধশতাধিক ডাষ্টবিনৰ ব্যৱস্থা কৰে ৷
ইফালে প্ৰকৃতি ৰক্ষা আৰু স্বচ্ছতাৰ বাবে বৃক্ষ বন্ধুৰ অহৰহ আৰু নিৰ্ভেজাল প্ৰয়াসৰ বিপৰীতে লক্ষ লক্ষ টকা অপচয় কৰি কেৱল বিজ্ঞাপনকেন্দ্ৰিক চিন্তাৰে স্বচ্ছতাৰ ৰেলী বাহিৰ কৰা শিৱসাগৰ প্ৰশাসন আৰু পৌৰ সভাৰ কাৰ্যই ক্ষোভিত কৰিছে বহুজনক৷













