![]()
নিউজ ডেস্কঃ
আজি ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত এখন ডাম্পাৰ আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত বৰমাৰ পলিটেকনিক কলেজৰ ছাত্ৰ তথা লালগণেশৰ বাসিন্দা অংশুমান বৰ্মনৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, AS25DC 0170 নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰখনে ঘৰৰ পৰা কলেজলৈ অৰ্থাৎ নলবাৰী অভিমুখে গৈ থকা AS 01 EM 0474 নম্বৰৰ স্কুটিখনক মহতিয়াই নিয়ে, ফলত থিতাতে মৃত্যু হয় স্কুটি আৰোহী যুৱকজন।
দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে ডাম্পাৰখনে। যদিও, একাংশ ৰাইজে তৎপৰতাত ডাম্পাৰখন জব্দ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰি চালকজনৰ সন্ধান কৰে।













