![]()
নিউজ ডেস্কঃ
এগৰাকী বৃদ্ধাৰ বুকুৰে বাঁহ সোমাই ইফাল সিফাল হৈছিল৷ দুর্ঘটনাৰ কবলত পৰি জীৱন-মৰণ সঙ্কটত পৰিছিল পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা শোভা দেৱী (৫৫)। তেওঁক সঙ্কটমুক্ত কৰিলে উত্তৰবঙ্গ মেডিকেল কলেজ হস্পিটেলৰ চিকিৎসকসকলে।
এক জটিল অস্ত্রোপচাৰত সাফল্য লাভ কৰিলে হস্পিটেলখনৰ চিকিৎসকসকলে।
দুদিন পূৰ্বে বাঁহভৰ্তি গাড়ীৰ খুন্দাত ভয়াৱহ দুর্ঘটনাৰ কবলত পৰে পাঞ্জিপাৰাৰ বাসিন্দা শোভা। এডাল বাঁহ তেওঁৰ বুকুৰ বাঁওফালেৰে সোমাই পিঠিৰে ওলাই যায়।
অৰ্থাৎ ইফাল সিফাল হৈ গৈছিল তেওঁৰ বুকু। গুৰুতৰভাৱে আহত অৱস্থাত শোভাক প্রথমতে বিহাৰৰ পুর্ণিয়ালৈ লৈ যোৱা হয়। তাৰ পৰা কিষাণগঞ্জলৈ স্থানান্তৰিত কৰা হয়। তাৰ পৰা আকৌ উন্নত চিকিৎসাৰ বাবে শোভাক ঘূৰাই অনা হয় নিজ ৰাজ্যলৈয়েই। তেওঁক পুনৰ স্থানান্তৰিত কৰা হয় উত্তৰবঙ্গ মেডিকেল কলেজ হস্পিটেললৈ।
দেওবাৰে নিশা তেওঁক তাত ভর্তি কৰোৱা হৈছিল। ৰোগীৰ শাৰীৰিক পৰিস্থিতি ক্ৰমাৎ শোচনীয় হৈ গৈ থকাত জৰুৰীকালীন ভিত্তিত নিশাতেই সাত সদস্যৰ এখন বোর্ড গঠন কৰি আৰম্ভ হয় অস্ত্রোপচাৰ। অস্ত্রোপচাৰ কৰি শোভাৰ বুকুৰ পৰা বাহিৰ উলিওৱা হৈছে বাঁহৰ টুকুৰাটো। টুকুৰাটো ফৰেনছিক পৰীক্ষাৰ বাবে পঠোৱা হৈছে।
অৱশ্যে হস্পিটেল সূত্রই জনোৱা মতে, দুর্ঘটনাৰ ফলত শোভাৰ হাওঁফাওঁত আঘাত লগা নাই। হৃৎপিণ্ডৰ পৰিস্থিতিও ঠিকে আছে।













