![]()
নিউজ ডেস্কঃ
ভাৰতীয় সময়মতে দুপৰীয়া ১২.৩০ বজাৰ পৰা (মস্কোৰ সময় অনুযায়ী পুৱা ১০টা) পুনৰ যুদ্ধবিৰতি ঘোযণা কৰিলে ৰাছিয়াই। ছুমিত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক সুৰক্ষিতভাবে দেশলৈ উভতাই অনাৰ বাবেই এই সিদ্ধান্ত ক্রেমলিনৰ।
ৰাছিয়াৰ বিদেশমন্ত্ৰালয় ছুমিসহ মুঠ পাঁচখন চহৰৰ ছাত্র-ছাত্ৰীসকলক সুৰক্ষিতভাবে দেশলৈ উভতাই অনাৰ সুবিধা কৰি দিবলৈ ৰাজী হৈছে। ছুমিৰ উপৰি কিভ, খাৰকিভ, মাৰিউপোল আৰু চাৰনিগিভ চহৰৰ শিক্ষাৰ্থীসকলক যুদ্ধবিধ্বস্ত ইউক্রেইন এৰাৰ বাবেই এই যুদ্ধবিৰতি ঘোযণা কৰা হৈছে বুলি ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ে জনাইছে।
সংবাদ সংস্থাৰ খবৰ অনুযায়ী, ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৰ অনুৰোধতেই এই সিদ্ধান্ত লয় ৰুছ ৰাষ্ট্ৰপতি পুটিনে। দুদিন পূৰ্বে মেক্ৰোৰ সৈতে ফোনত কথা হয় পুটিনৰ। তাৰ ফলতেই এই সিদ্ধান্ত বুলি অনুমান কৰা হৈছে।













