![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণত ছিন্ন-বিচ্ছিন্ন প্রতিবেশী ইউক্রেইন। অপ্রত্যাশিত হ’লেও, ৰুছ সেনাক প্ৰত্যুত্তৰ দিছে ইউক্রেইনীয় সেনাবাহিনীয়েও। বিনা যুদ্ধে নিদিয়ে সূচাগ্র মেদিনী— এই পণ লৈ অস্ত্র হাতত লৈ যুদ্ধক্ষেত্রত ৰাছিয়াৰ মোকাবিলা কৰিছে ইউক্রেইনৰ সাধাৰণ জনতাইও। ইফালে পুটিনৰ আগ্রাসনত সন্ত্ৰস্ত সমগ্ৰ বিশ্ব।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ‘বিশেষ সামৰিক অভিযান’ ঘোষণাৰ পিছত পাৰ হৈ গৈছে ১৩টা দিন। এই পৰিপ্রেক্ষিতত সকলোতকৈ ডাঙৰ প্রশ্ন হৈছে, কি বিচাৰিছে পুটিনে?
তেনে অৱস্থাতে ৰাছিয়াৰ ওপৰত একাধিক কঠোৰ অর্থনৈতিক নিষেধাজ্ঞা আৰোপ প্রক্রিয়া চলিছে। তাৰ প্ৰত্যুত্তৰত সামগ্রিকভাবে পশ্চিমীয়া বিশ্বৰ জনমতে যাতে ৰুছ জনতাক বিপথে পৰিচালিত কৰিব নোৱাৰে, সেয়া ৰুধিবলৈ দেশৰ ভিতৰতেই একাধিক পদক্ষেপ গ্ৰহণ কৰিছে মস্কোৱেও।
ক্রেমলিনৰ সতৰ্কবাণী, এনে কোনো তথ্য বা খবৰ সম্প্রচাৰ কৰিব নোৱাৰিব, যিয়ে ৰুছ সেনাৰ কার্যকলাপক বেয়া দৃষ্টিৰে দেখুৱায়। অন্যথা ১৫ বছৰৰ জে’ল আৰু জৰিমনা। ইউক্রেইনত ৰাছিয়াৰ ‘বিশেষ সামৰিক অভিযান’ক আক্ৰমণ, আগ্রাসন বা যুদ্ধৰ ঘোষণা হিচাবে অভিহিত কৰিলেই সেয়া ভুৱা খবৰৰ আওতাত পৰিব বুলিও ফতোৱা জাৰি কৰিছে ৰুছ সংসদে।
পশ্চিমীয়া বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমৰ ৱেবছাইট আৰু ফেচবুকক ৰাছিয়াত ব্লক কৰা হৈছে। পশ্চিমীয়া সংবাদ মাধ্যমৰ একাংশৰ দাবী, ৰুছ জনতাক যুদ্ধ সংক্রান্তীয় খবৰ দিয়াটো ৰুধিবলৈয়েই ক্রেমলিনৰ এই পদক্ষেপ।
পশ্চিমীয়া সংবাদ মাধ্যমৰ সূত্রত দাবী কৰা হৈছে, ৰাছিয়াত এই পর্যন্ত ১৩ হাজাৰৰো অধিক সাধাৰণ জনতাক গ্রেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ অপৰাধ হৈছে, সকলোৱেই যুদ্ধবিৰোধী অৱস্থানৰ পৰা ৰাছিয়াৰ আগ্রাসনৰ বিৰোধিতা কৰিবলৈ ৰাজপথত নামিছিল।













