![]()
নিউজ ডেস্কঃ
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত পুৰণি প্রশ্ন কাকতে অনুষ্ঠিত কৰিবলৈ লোৱা ‘ছেৱা’ সিদ্ধান্তক বিৰোধিতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
সোমবাৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে চলিত বৰ্ষ হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা বিগত বছৰৰ পুৰণি প্ৰশ্ন কাকত আৰু উত্তৰবহীৰে অনুষ্ঠিত কৰা হব বুলি আনুষ্ঠানিক জাননী জৰিয়তে ঘোষণা কৰা লগে-লগে শিক্ষা বিভাগৰ সিদ্ধান্তক বিৰোধিতা কৰি জাঙুৰ খাই উঠিছে সংগঠনটো।সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় -বিগত বর্ষ প্ৰশ্ন কাকত আৰু উত্তৰবহীৰে এটা পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত টোঘলকী সিদ্ধান্ত।
শিক্ষা বিভাগৰ এনে সিদ্ধান্তই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ অনিশ্চয়তা কঢ়িয়াই অনাই নহয় অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই নিকা আৰু শৃংখলাবদ্ধ ভাবে পৰীক্ষা অনুষ্ঠিত কৰাত নিশ্চিতকৈ সমস্যাৰ সৃষ্টি হব।কাৰণ পুৰণি প্ৰশ্ন কাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিলে প্ৰশ্ন কাকত ফাদিল হোৱাৰ আশংকা অধিক।ঠিক শৈক্ষিক দিশতো ছাত্ৰ-ছাত্ৰীৰ বৃহৎ ক্ষতি হব।
ইফালে শিক্ষামন্ত্ৰী গৰাকীয়ে পুৰণি প্ৰশ্ন কাকত আৰু উত্তৰবহীৰে পৰীক্ষা অনুষ্ঠিত কৰা যুক্তিৰ আঁত ধৰি জাতীয় সংগঠনটোৰ নেতাদ্বয়ে লগতে কয়- পুৰণি প্ৰশ্ন কাকতেৰে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকীৰ যুক্তি অতি হাস্যকৰ।ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্য্যালয়ত কোটি কোটি টকাৰ চৰকাৰী সম্পদ অনিষ্ট হৈ ওৱলি গৈছে|তেনেস্থলত কেৱল কাগজৰ লোকচান ৰুধিবলৈ লাখ-লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলাটো অতি দুৰ্ভাগ্যজনক।
উল্লেখ্য শিক্ষামন্ত্ৰী পেগুৱে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধীবলৈ পুৰণি প্রশ্ন কাকত আৰু উত্তৰবহীৰে পৰীক্ষা অনুষ্ঠিত কৰা যুক্তি দৰ্শাইছিল।বিবৃত্তিত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শিক্ষা বিভাগক পুৰণি প্ৰশ্ন কাকতেৰে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনাই।গুৰুত্বপূৰ্ণ কথা এইয়ে কোভিডত ক্ষতিগ্ৰস্ত ৰাজ্যশিক্ষা ব্যৱস্থা।ফলত ছেৱাই পাঠ্যক্ৰমৰ ৬০ শতাংশৰ পৰাহে প্ৰশ্ন যুগুত কৰা কথা ইতিমধ্যেই আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰিছিল।
তেনেস্থলত যদি পুৰণি প্ৰশ্নকাকতে পৰীক্ষা অনুষ্ঠিত কৰা হয় তেন্তে পুনৰ বিপদত পৰিব পৰীক্ষাৰ্থী।কিয়নো বিগত বৰ্ষ প্ৰশ্নকাকত প্ৰস্তুত হৈছিল ৭০ শতাংশ পাঠ্যক্ৰমৰ।ইফালে অহা ১৫ মার্চ পৰাই অনুষ্ঠিত হব শিক্ষাথী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা।শিক্ষা বিভাগ আৰু ‘ছেৱা’ ঘোষণাই চিন্তাত পেলাইছে পৰীক্ষাত অৱৰ্তীন হব লগা ছাত্ৰ-ছাত্ৰীক।













