![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ ক্রীড়া ক্ষেত্ৰক অধিক বিপদত পেলালে ২০ বছৰীয়া এজন যুৱকে। বিশ্ব চেম্পিয়নশ্বিপৰ পুৰস্কাৰ বিতৰণৰ সময়ত পোছাকত জেড লিখিছিল জিমনাষ্টজনে। ইয়াৰ পিছতেই ইভান কুলিয়াকক অনির্দিষ্টকালৰ বাবে নির্বাসিত কৰিছে ইণ্টাৰনেচনেল জিমনাষ্টিকছ ফেডাৰেচনে (এফআইজি)।
উল্লেখ্য, বৰ্তমান ডোহাত চলি আছে জিমনাষ্টিকছ বিশ্বকাপ। তাত পুৰুষৰ পেৰেলাল বাৰ বিভাগত ব্রঞ্জ পদক জয় কৰিছিল ৰাছিয়াৰ জিমনাষ্ট ইভানে। ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত ৰাছিয়া আৰু বেলাৰুছক পূৰ্বতেই নির্বাসিত কৰিছে এফজিআইয়ে। তেনে কৰিছে ফিফাসহ বিভিন্ন ক্ৰীড়াৰ সর্বোচ্চ নিয়ামক সংস্থাই। ইভানে বিশ্বকাপত অংশগ্ৰহণ কৰিছিল ব্যক্তিগতভাবে। ৰাছিয়াৰ নাম, পতাকা বা ৰাষ্ট্ৰীয় সঙ্গীত ব্যৱহাৰৰ অধিকাৰ নাছিল তেওঁৰ।
ইংৰাজী ‘জেড’ আখৰৰ চিহ্নৰ অর্থ ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযান আৰু ভ্লাদিমিৰ পুটিনৰ নীতিক সমর্থন কৰা। ইভানৰ এই আচৰণত অত্যন্ত ক্ষুব্ধ এফজিআই কর্তৃপক্ষ। লগে লগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইভানক অনির্দিষ্টকালৰ বাবে নির্বাসিত কৰা হৈছে। অভিযুক্ত ৰাছিয়ান জিমনাষ্টজনক প্রতিযোগিতাৰ পৰা বাতিল কৰি ব্রঞ্জ পদক কাঢ়ি লোৱাও হ’ব পাৰে।













