ASSAM TIMES POST
ডিফুঃ গান্ধী জয়ন্তী উপলক্ষে বুধবাৰে কাৰ্বি আংলঙৰ ডিফুকে প্ৰমুখ্য কৰি মাঞ্জা, বকোলিয়া আৰু হৰিহাজানত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে এক স্বচ্ছতা আৰু সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ইয়াৰ আৱাসিক অঞ্চলত প্ৰায় ২ কিমিজুৰি এক স্বচ্ছতা সমদল বাহিৰ কৰা হয়।

ইয়াত স্থানীয় লোকসকলৰ সৈতে অংশগ্ৰহণ কৰে বহু কেইগৰাকী বিষয়া, জেচিঅ’ আৰু আন আন পদবীধাৰীসকলে। ইয়াৰদ্বাৰা জনসাধাৰণক তেওঁলোকে বসবাস কৰা স্থানৰ চৌপাশ পৰিস্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিবলৈ সজাগ কৰা যায়।
এনে হ’লেহে যে দেশখনো স্বচ্ছতাৰ দিশত গতি কৰিব সেয়া বোধগম্য কৰি তুলিবলৈ চেষ্টা কৰা যায় এই কাৰ্যক্ৰমৰ জৰিয়তে।













