![]()
মনোৰঞ্জনঃ
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে, বিকি কৌশলে তেওঁৰ পত্নী তথা বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ আৰু তেওঁৰ মাতৃ বীণা কৌশলৰ এখন ধুনীয়া ফটো শ্বেয়াৰ কৰে। ফটোখনে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে সচেতন মহলত। শাহু-বোৱাৰীৰ যুটিৰ এই ফটোখনত, শাহুৱেক বীণাই কেটৰিনাক মৰমেৰে আলিঙ্গন কৰা দেখা গৈছে, তেওঁলোক দুয়োকে হাঁহি থকা দেখা গৈছে। বিকিয়ে এটা ফটোখনৰ কেপচনত লিখিছে, “মোৰ শক্তি। মোৰ পৃথিৱী।” কেটৰিণাক তেওঁৰ শাহুৱেকৰ কোলাত বহি থকা দেখা গৈছিল।
আনহাতে, কেটৰিনাইও তেওঁৰ মৰমলগা ভগ্নীসকলৰ বাবে এটা আকৰ্ষণীয় পোষ্ট কৰিছিল। কেটৰিনাৰ মুঠ ছয়গৰাকী ভগ্নী আছে, যাৰ ভিতৰত এগৰাকী হৈছে ইছাবেল আৰু এজন ভাতৃ আছে। মহিলা দিৱসত মহিলাসকলক শক্তিশালী কৰাৰ বাৰ্তা প্ৰচাৰ কৰি কেটৰিনাই লিখিছিল, “এটা পৰিয়ালৰ বহুতো মহিলা।”
বিগত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ ৯ ডিচেম্বৰ তাৰিখে ৰাজস্থানৰ ছিক্স চেঞ্চ ফৰ্ট বৰৱাৰাত এক বিশাল অনুষ্ঠানেৰে বিকি কৌশলে কেটৰিনা কাইফৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।













