ASSAM TIMES POST
গোসাইগাঁওঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গোসাইগাৱঁত পৌৰ নিগমৰ পৰিচালনাত আৰু নাথযোগী সন্মিলনীৰ গোসাইগাঁও নাথযোগী সন্মিলনৰ আঞ্চলিক সমিতি আৰু গোসাইগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ছাফাই অভিযান আৰু পলিথিন বৰ্জনৰ সজাগতা সমদল কাৰ্যসূচী ৰুপায়ন কৰা হয় ৷

পুৱা ১০ বজাত পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা উলিওৱা সজাগতা সমদল চহৰ পৰিভ্ৰমণ কৰি প্লাষ্টিকৰ উপকাৰিতা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা অনাৰ চেষ্টা কৰাৰ লগতে ৰাস্তা-ঘাটৰ আবৰ্জনা সমুহ ছাফাই কৰে৷ গোসাইগাঁও পৌৰ নিগমৰ পৌৰপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ লগতে নিগমৰ কৰ্মচাৰী আৰু নাথযোগী সন্মিলনিৰ কৰ্মকৰ্তা আৰু স্কলীয়া ছাত্র-ছাত্ৰী সকলে হাতত ঝাৰু-পাচি লৈ ছাফাই অভিযান চলায়৷
উক্ত কাৰ্যসূচীত মহিলা আত্মসহায়ক গোটৰ কৰ্মকতা সকলে অংশগ্ৰহন কৰে৷ আনহাতে গোসাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে সদৰ চহৰৰ মাজ মজিয়াত বাট-পথত ছাফাই অভিযান চলাই পৰিস্কাৰ কৰে৷
ইপিনে পদ্মশ্ৰী তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কামেশ্বৰ ব্ৰহ্মই আজি পুৱা নিজ জন্মগাওঁ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভূমকা গাৱঁত উপস্থিত হৈ হাবি-জংঘল কাটি ছাফাই অভিযান চলায়৷ ৰাইজক নিজৰ ঘৰৰ লগতে ওচৰ-চুবুৰীয়া অঞ্চল পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ ড° কামেশ্বৰ ব্ৰহ্মই আহ্বান জনায়৷













