![]()
নিউজ ডেস্কঃ
অৱশেষত দুবছৰ পিছত স্বাভাবিক হ’বলৈ আগবাঢ়িছে দেশৰ আন্তর্জাতিক বিমান সেৱা।
২৭ মার্চৰ পৰা আন্তর্জাতিক বিমানৰ ক্ষেত্রত কোনো ধৰণৰ নিষেধাজ্ঞা নাথাকিব। এই কথা জনাইছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।
এই সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই টুইটত লিখিছে, সকলো উপভোক্তাৰ সৈতে কথা পতাৰ পিছত আৰু কৰোনাৰ প্ৰকোপ কমাত অহা ২৭ মার্চৰ পৰা আন্তর্জাতিক বিমান সেৱা স্বাভাবিক কৰাৰ সিদ্ধান্ত লোৱা হৈছে।













