![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোট গণনা। তাৰ ঠিক ৪৮ ঘণ্টা আগতে এক চাঞ্চল্যকৰ অভিযোগ তুলিলে অখিলেশ যাদৱে। সমাজবাদী পার্টিৰ ছুপ্রিমোৰ অভিযোগ, বাৰাণসীত চুৰি হৈছে ইভিএম। ভোট গণনা কেন্দ্রৰ পৰা আঁতৰাই নিয়া হৈছে সেইবোৰ।
এক ভিডিও পোষ্ট কৰিছে সপাৰ নেতা–কর্মীসকলে। ইতিমধ্যে সেয়া ভাইৰেল। বাৰাণসীৰ উপায়ুক্তই অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি কৈছে, প্রশিক্ষণৰ বাবে ইভিএমবোৰ ভোটকেন্দ্রৰ পৰা বাহিৰ কৰা হৈছে। কিন্তু যিবোৰ ইভিএমত ভোট দিছে, সেইবোৰ ভোট গণনা কেন্দ্রতেই আছে।
উপায়ুক্ত ৰাজ শর্মাই লগতে কয়, এইবোৰ আচলতে ৰাজনৈতিক দলৰ ষড়যন্ত্র। ‘যিবোৰ ই ভি এম নির্বাচনত ব্যৱহাৰ কৰা হৈছে, সেইবোৰ চিল কৰি ষ্ট্ৰং ৰুমত ৰখা আছে। পহৰাত আছে চিআৰপিএফ। চিচি টিভ কেমেৰা বহুওৱা আছে। সেই ফুটেজ পর্যবেক্ষণ কৰিছে সকলো দলে।’













