![]()
নলবাৰীঃ
নলবাৰী জিলাৰ বাঁহজানী মৌজাৰ মাজদিয়াস্থিত মানসিক ৰোগী নিদান কেন্দ্ৰ ‘হাফ ৱে হোম’ত ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।
ডেজিগনেটেড স্বেচ্ছাসেৱী অনুষ্ঠান ‘আশ্ৰয়’ৰ উদ্যোগত এই উপলক্ষে আয়োজিত এখন সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কয় যে বিজ্ঞান আৰু মনৱীয় শিক্ষাৰ ব্যাপক বিস্তাৰ হ’বলৈ এতিয়াও বহু বাকী আছে।

বিজ্ঞান আৰু মনৱীয় শিক্ষাৰে আমাৰ মানসিকতাৰ উত্তৰণ ঘটাব লাগিব। তেনে কৰিলেহে নাৰী আৰু পুৰুষৰ মাজত কোনো বৈষম্য নথকা এখন সবল আৰু সকলোৰে বাবে বসবাসৰ উপযোগী সমাজ লাভ কৰিব পাৰিম। সভাত পৌৰোহিত্য কৰা ‘আশ্ৰয়’ৰ সভাপতি ৰিংকু বৰুৱা মহন্তই আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য আৰু ‘আশ্ৰয়’ৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ উদ্দেশ্য বিৱৰি কয়।
ভাষণ প্ৰসংগত তেওঁ ‘আশ্ৰয়’ৰ জৰিয়তে এতিয়ালৈ এশগৰাকীৰো অধিক মানসিক ৰোগীক সেৱা আৰু সাহায্যৰে স্বাভাৱিক জীৱন প্ৰদান কৰাৰ বিষয়ে দোহাৰি কয় যে দেশৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ লোক বিভিন্ন মানসিক ৰোগত আক্ৰান্ত। আকৌ ভাৰতৰ ভিতৰত অসমত নিচাগ্ৰস্ত মহিলাৰ সংখ্যা সৰ্বাধিক।

এয়া আমাৰ বাবে অতি পৰিতাপৰ বিষয়। নলবাৰী জিলাত ‘আশ্ৰয়’ৰ জৰিয়তে মানসিক ৰোগী নোহোৱা কৰিবলৈ চেষ্টা অব্যাহত আছে। সভাত নলবাৰীৰ ৰাষ্ট্ৰীয় এথলেট খেলুৱৈ নিৱেদিতা বৰ্মনক দিৱসৰ লগত সংগতি ৰাখি ‘আশ্ৰয়’ৰ তৰফৰপৰা শুভেচ্ছা জ্ঞাপনৰ লগতে খেলুৱৈগৰাকীৰ পিতৃ হৰিহৰ বৰ্মন আৰু মাতৃ কল্পনা বৰ্মনক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
নলবাৰী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ বিশিষ্ট চিকিৎসক ডাঃ নিপুল মহন্ত, ডাঃ সংগীতা দাস, মানসিক ৰোগ বিভাগৰ বিশেষ কাৰ্যবাহী মমী দেৱী আৰু নলবাৰীৰ নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া হীৰকজ্যোতি বৰ্মনেও অনুষ্ঠানটিত ভাগ লৈ সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰাসংগিক ভাষণ প্ৰদান কৰে। পূৰ্ণিমা তালুকদাৰে গোৱা গীতেৰে সূচনা কৰা সভাখনত নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱিকা চুমি বেজবৰুৱা, বিলকিছ চুলতানা প্ৰমুখ্যে স্থানীয় কেইবাগৰাকী মহিলাই ভাগ লয়।

অনুষ্ঠানৰ পূৰ্বে নিচাসক্ত কিন্তু ‘আশ্ৰয়’ৰ সেৱাত আৰোগ্য হোৱা লোকৰদ্বাৰা গঠিত যৌথ পামত উৎপাদিত সামগ্ৰীৰে সভাৰ সকলোকে আপ্যায়ণ কৰা হয়। এই অনুষ্ঠানত ‘হাফ ৱে হোম’ৰ দুগৰাকী স্বেচ্ছাসেৱিকাই নাচ প্ৰদৰ্শনেৰে অনুষ্ঠানত উপস্থিত থকা সকলোক আপ্লুত কৰে।













