![]()
নিউজ ডেস্কঃ
ধন্যবাদ ভাৰতৰ প্রধানমন্ত্রী। ৰাছিয়া-ইউক্রেইন সঙ্ঘাতত যুদ্ধবিধ্বস্ত কিভৰ পৰা ওলাই আহি এই কথা শুনা গ’ল এগৰাকী পাকিস্তানী ছাত্ৰীৰ মুখত। ভাৰতীয় দূতাবাসৰ সাহায্যত কিভৰ পৰা ওলাই অহা ছাত্ৰীগৰাকী হৈছে আচমা ছাফিক। কিভৰ সীমান্ত পাৰ হৈ এক ভিডিও বার্তাত তেওঁ জনায়, ‘‘ইউক্রেইনৰ কঠিন পরৰিস্থিতিৰ পৰা ওলাই অহাত সাহায্য কৰাৰ বাবে মই কিভৰ ভাৰতীয় দূতাবাসৰ ওচৰত অতি কৃতজ্ঞ। লগতে মই ভাৰতৰ প্রধানমন্ত্রীকো ধন্যবাদ জনাব বিচাৰো। আশাকৰো মই শীঘ্ৰেই সুৰক্ষিতভাবে নিজৰ ঘৰলৈ উভতি যাব পাৰিম।”
আচমা আৰু তেওঁৰ দৰে আৰু বহু শিক্ষাৰ্থী বৰ্তমান ইউক্রেইনৰ পশ্চিম সীমান্তৰ দিশে অগ্রসৰ হৈছে। তাৰ পৰাই তেওঁলোক যুদ্ধৰ কবলত পৰা দেশখনৰ পৰা ওলাই নিজ নিজ দেশলৈ যাব।













