![]()
মনোৰঞ্জনঃ
টাইগাৰ শ্ৰফ হৈছে বলীউডৰ এনে এজন অভিনেতা যি কেৱল তেওঁৰ সুন্দৰ চেহেৰা, ফিটনেছ আৰু অভিনয়ৰ বাবে কেৱল মাত্ৰ অনুৰাগীসকলৰ মাজত জনপ্ৰিয় নহয়, জিমনাষ্টিক দক্ষতা আৰু মাৰ্শাল আৰ্টৰ বাবেও তেওঁ অনুৰাগীৰ প্ৰিয়। যুৱকসকলৰ পৰা শিশুলৈকে, অভিনেতা টাইগাৰ শ্ৰফৰ এক জনপ্ৰিয়তা আছে। শেহতীয়াকৈ টাইগাৰ শ্ৰফে তেওঁৰ পুৰণি ভিডিঅ’ এটি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে, তেওঁ নিজৰ পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিছে আৰু নতুন দক্ষতা শিকাৰ বিষয়েও প্ৰকাশ কৰিছে।
এই পুৰণি ভিডিঅ’টোত, টাইগাৰ শ্ৰফক সাগৰৰ পাৰত বেক ফ্লিপ অনুশীলন কৰা দেখা গৈছে। ভিডিঅ’টো তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি টাইগাৰ শ্ৰফে নিজকে শকত বুলি বৰ্ণনা কৰে আৰু কেপছনত লিখে যে, “মই মোৰ প্ৰথম দক্ষতা শিকি থকা এটা পুৰণি ভিডিঅ’ পাইছিলোঁ। বালিত দৌৰাটো প্ৰায় অসম্ভৱ আছিল। সেই সময়ৰ কথা মনত আছে যেতিয়া মোৰ এই সংগ্ৰামটো বাস্তৱিক আছিল। বিশেষকৈ যেতিয়া মই অত্যাধিক শকত আছিলোঁ।”
টাইগাৰ শ্ৰফৰ এই পুৰণি ভিডিঅ’টো চোৱাৰ পিছত, অনুৰাগীসকলে তেওঁক নিৰন্তৰভাৱে প্ৰশংসা কৰিছে। ৰনিত ৰয়ে টাইগাৰ শ্ৰফক প্ৰশংসা কৰি লিখিছে যে “তুমি যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছা। মই তোমাক লৈ বহুত গৌৰৱান্বিত।” তেওঁৰ উপৰিও মৌনী ৰয়, কাৰ্তিক আৰিয়ন, লৰেন গটলিব, আয়েশা শ্ৰফ আৰু ৰাহুল দেৱকে ধৰি বহুতো তাৰকাই টাইগাৰ শ্ৰফক প্ৰশংসা কৰে। টাইগাৰৰ এই ভিডিঅ’টোৱে এতিয়ালৈকে এক মিলিয়নতকৈও অধিক লাইক পাইছে।













