![]()
ডিফুঃ
পাহাৰীয় জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ আন্তষগাঠনি আৰু ব্যাপক উন্নয়নৰ সমান্তৰালকৈ গঢ়ি উঠিছে বহু সংখ্যক বিলাসী হোটেল আৰু ৰেষ্টুৰেণ্ট ৷ এইবাৰ ডিফু এম জি ৰোডৰ গেলেক্সি চিনেমা হলৰ বিপৰীত দিশত গঢ়ি উঠিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ৰেষ্টুৰেণ্ট ‘কেণ্টাকি ফ্ৰাইড চিকেন চমুকে কেএফচি’ নামৰ ৰেষ্টুৰেণ্ট৷

বুধবাৰে কেএফচি ৰেষ্টুৰেণ্টৰ শুভ উদ্ধোধন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং টিচ’ৱে ৷ কেএফচি সঞ্চালকে সাংবাদিকৰ সৈতে বাৰ্তালাপত জনায়যে, লিনডালি টেৰণপীৰ মালিকানাধীন কেএফচিখনত সম্পূৰ্ণভাৱে থলুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে ৷

গ্ৰাহক সকলৰ উচিত সঁহাৰি আৰু চেনেহ থাকিলে কেএফচিখনে অগ্ৰগতি লাভ কৰিব পাৰিব বুলি সঞ্চালক গৰাকীয়ে মত ব্যক্ত কৰে ৷ বৰ্তমান সঞ্চালক সহ ১৬ জন কৰ্মচাৰী আছে বুলি জানিব দিয়ে ৷ ইয়াৰোপৰি জানিব পৰা মতে ৰেষ্টুৰেণ্ট খনত প্ৰতি বুধবাৰে গ্ৰহাক সকলৰ বাবে বিশেষ অফাৰৰ ব্যৱস্থা কৰা আছে ৷













