![]()
নিউজ ডেস্কঃ
ৰাজকন্যা বৰুৱা জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যা জামিন।গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন।
উল্লেখ্য যে গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলাই মহতীয়া নিছিল শ্ৰমিকক।২০২১বৰ্ষ ১ অক্টোবৰত ৰুক্মিণীগাঁৱত নিশা সংঘটিত ভয়ংকৰ এই দুৰ্ঘটনাটোত প্ৰায় ৮জনকৈ শ্ৰমিকক মহতীয়াই নিছিল।জোচেফ মাৰাক নামৰ শ্ৰমিক গৰাকী এটা ভৰি ঘটনা স্থলীতে ছিঙি গৈছিল।পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকী।
গুৰুত্বপূৰ্ণ কথা যে কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাতো।প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে মডেল গৰাকীক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নৌহতেই লাভ কৰিছিল জামিন।পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ ৩৬১৯/২০২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।
ইফালে আজি ন্যায়ালয়ে ৫০হাজাৰ টকা আমানত ধনৰ বিনিময়ত মডেল ৰাজকন্যা জামিন মঞ্জুৰ কৰে।উল্লেখ্য ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩/ধাৰাত গ্ৰেপ্তাৰ বিগত পাঁচ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা।













