![]()
নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰীত মুম্বাই আৰক্ষী ক্ৰাইম ব্ৰান্সৰ এক অভিযান।মহানগৰীৰ বামুণীমৈদামস্থিত গুটখা আৰু পাণমচলা প্ৰস্তুতকাৰী ডি এছ গ্ৰুপৰ কাৰ্যালয়ত তলা। বুধবাৰে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত অভিযান চলায় তলা লগাই।অভিযোগ অনুসৰি অবৈধ ভাৱে গুটখা, পাণমচলা বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।
উল্লেখ্য যে গুৱাহাটী ডি এছ গ্ৰুপৰ প্ৰতিষ্ঠাটোৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চলাপুৰ এম আই ডি চি আৰক্ষীৰ থানা গোচৰ নম্বৰ ৮০২/২০২১ আৰু আইপিচি৩২৮/১৮৮/২৭২/২৭৩ আৰু ইউএছ ২৬/(২)(i) ২৬(২)(iv) খাদ্য সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন হৈছিল। মূলত ডি এছ গ্রুপে অসমত প্ৰস্তুত কৰা গুটখা, পানমচলা বহিঃৰাজ্যত সৰবৰাহ কৰা বাবেই ৰুজু হৈছিল গোচৰ।মহাৰাষ্ট্ৰ আৰক্ষী দলটোৱে কাৰ্যালয়টো পৰা অভিযান চলাই জব্দ কৰে বহু আপত্তিজনক নথি-পত্ৰ।













