![]()
নিউজ ডেস্কঃ
মেঘালয়ৰ শ্বিলংস্থ নর্থ ইষ্ট পুলিচ একাডেমিত কৰুণ ঘটনা।প্ৰশিক্ষণৰত অৱস্থাত মৃত্যু এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ। অসম আৰক্ষীত নৱনিযুক্তি প্ৰাপ্ত প্ৰশিক্ষণৰত এছআই আছিল মৃত আৰক্ষীৰ গৰাকী। সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হোৱা প্ৰশিক্ষণৰত আৰক্ষী উপ-পৰিদৰ্শক গৰাকী মনেশ্বৰ পণ্ডিত।
কোকৰাঝাৰত ঘৰ আছিল মৃত মনেশ্বৰ।উল্লেখ্য যে প্ৰাপ্ত খবৰ মৰ্মে বুধবাৰে বিয়লি সাঁতোৰ প্ৰশিক্ষণ লৈ থকা অৱস্থাতে মৃত্যু হয়।মৃত্যুৰ সন্দৰ্ভত নে’পা(NEPA) কৰ্তৃপক্ষই এই বাতৰি যুগুত কৰা সময়লৈ আনুষ্ঠানিক বিবৃত্তি প্ৰকাশ কৰা নাই যদিও বিশেষ সূত্ৰ পৰা লাভ কৰা হৈছে এই খবৰ।
উল্লেখ্য যে ২০২১বর্ষত নিযুক্তি লাভ কৰা প্ৰশিক্ষণৰত উপ-পৰিদৰ্শক মনেশ্বৰ প্ৰশিক্ষণ চলিত মাহৰ শেষৰ ফালে সম্পূৰ্ন হোৱা কথা আছিল।গুৰুত্বপূৰ্ণ কথা যোৱা বৰ্ষত অসম আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল মৃত মনেশ্বৰে।













