![]()
স্পৰ্টছ ডেস্কঃ
প্রতিৰোধ গঢ়িও লাভ নহ’ল। ভাৰত-শ্ৰীলংকাৰ দ্বিতীয় টেষ্ট আঢ়ৈ দিনতে অন্ত পৰে৷ একপ্ৰকাৰ বিনাযুদ্ধই পুনৰবাৰ বশ্যতা স্বীকাৰ কৰে শ্ৰীলংকাই। বেঙ্গালুৰুত দিবা-নৈশ টেষ্টত ২৩৮ ৰানত জয়লাভ কৰি শৃংখলাত শ্রীলঙ্কাক ‘হোৱাইট ৱাশ্ব’ কৰে ৰোহিত শর্মাৰ ভাৰতে।
দেওবাৰে দ্বিতীয় দিনৰ খেল শেষ হোৱাৰ পূৰ্বেই এটি উইকেট হেৰুৱাইছিল শ্রীলঙ্কাই। তৃতীয় দিনা ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ৯ উইকেট। সেয়া দিনটোৰ খেলৰ আধা দিনতে দখল কৰে ভাৰতীয় বলাৰসকলে৷













