![]()
নিউজ ডেস্কঃ
পূৰ্বৰ চৰ্চাই সত্য হ’ল ৷ এইবাৰ অ’টিটি প্লেটফর্মত খোজ পেলাবলৈ আগবাঢ়িছে শ্বাহৰুখ খান। ঘোষণা কৰিলে ছ’চিয়েল মিডিয়াত। শীঘ্ৰেই আহি আছে ‘এছআৰকে প্লাছ’। নিজৰ ছবি ‘কুছ কুছ হোতা হ্যায়’–ৰ নাম ধাৰ কৰিয়েই কিং খানে লিখিলে, ‘কুছ কুছ হোনে ৱালা হ্যায়, অ’টিটি কি দুনিয়া মে।’
পোষ্টটি প্রকাশ হোৱাৰ লগে লগেই ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হৈছে। উচ্ছ্বসিত অনুৰাগীসকল। কোনোৱে কৈছে, ‘কিং খানে এইবাৰ অ’টিটিতো ৰাজত্ব কৰিব’। কোনোৱে কৈছে, বিনোদন এতিয়া অন্য পর্যায়লৈ গুচি যাব শ্বাহৰুখ খানৰ জৰিয়তে। উচ্ছ্বসিত বলিউডো।
টুইট কৰি শ্বাহৰুখ খানক শুভেচ্ছা জনালে ছলমন খানেও। তেওঁ লিখিছে, ‘আজিৰ পার্টি তোমাৰ ফালৰ পৰা শ্বাহৰুখ’।













