ASSAM TIMES POST
নগাঁওঃ সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকাৰী, নগাঁও আৰু নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ সহযোগত আজি নগাঁও চহৰৰ ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত বিশিষ্ট সাহিত্যিক, প্ৰবীণ শিক্ষাবিদ উপেন্দ্ৰ বৰকটকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শক আলোকপাত কৰি কয় যে, গান্ধীজীৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাব ধৰিছে।

সোণ পুৰিলে উজ্বল হোৱাৰ দৰে সময়ৰ লগে লগে মহাত্মা গান্ধীৰ বাণী আৰু জীৱনকৰ্ম জনসাধাৰণে হৃদয়ংগম কৰি লৈছে। গান্ধীজীৰ অহিংস নীতি আৰু নেতৃত্বতৰ বিষয়ে উল্লেখ কৰি সাহিত্যিক বৰকটকীয়ে প্ৰসংগ ক্ৰমে অকলশৰে যুজঁ দিয়া জনেই প্ৰকৃত যুঁজাৰু বুলি মন্তব্য কৰে।
সভাত জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ পেনেল অধিবক্তা জেচমিন বেগমে মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰ বিষয়ে উল্লেখ কৰি গান্ধীজীয়ে দেখুৱাই থৈ যোৱা স্বচ্ছতাৰ পথ অনুসৰণ কৰিবলৈ সকলোকে আহ্বান জনায়। সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতিৰ সভাপতি জিতেন বৰকটকীয়ে আঁত ধৰা সভাখনত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, নগাঁও সচেতন জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি হিৰণ্য বল্লভ গোস্বামীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰ বিষয়ে উল্লেখ কৰি গান্ধীজীৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনায়।

সাংবাদিক পৰিষদৰ জিলা সম্পাদক ভাস্কৰজ্যোতি শইকীয়াই উদ্দেশ্যে ব্যাখ্যা কৰা আৰু কাৰ্যকৰী সভাপতি অজয় মাহাতুৱে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত জ্যেষ্ঠ সাংবাদিক পলাশ প্ৰতিম হাজৰিকা, অখিল চন্দ্ৰ দাস, অৰূপ চক্ৰৱৰ্তী,জ্যেষ্ঠ নাগৰিক দিলীপ কুমাৰ, ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া বিচিত্র নাৰায়ণ শইকীয়াৰ উপৰি শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

সভাৰ পূৰ্বে উপস্থিত ব্যক্তিসকলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণেৰে শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাচতে সভাত সমবেত সকলোৱে স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ সন্মুখত থকা কলংপাৰৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা পথত এক চফাই কাৰ্যসূচী ৰূপায়ণ কৰে।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এই চাফাই কাৰ্যসূচী উদ্বোধন কৰি কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্র মোডীয়ে আহ্বান জনোৱা স্বচ্ছ ভাৰত অভিযানৰ প্রতি সমগ্ৰ দেশবাসীয়ে বিপুল সঁহাৰি জনাইছে। বিধায়ক শৰ্মাই প্ৰদূষণ মুক্ত পৰিবেশৰ স্বাৰ্থত একক ব্যৱহাৰ্য প্লাষ্টিক বৰ্জনৰ বাবে সকলোকে আহ্বান জনায়।












