ASSAM TIMES POST
ডিফুঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আৰু গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি বুধবাৰে পুৱা ডিফু শংকৰী কৃষ্টি বিকাশ সংঘৰ চৌহদত ‘স্বচ্ছ অভিযান’ শীৰ্ষক স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ ডিফুস্থিত আঞ্চলিক কাৰ্যালয় (ৰাংছিনা ভৱন)ৰ সম্পাদক জয়ছিং টকবিয়ে। ইয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ পখিলা ইংতিপীকে প্ৰমুখ্য কৰি আয়োজক সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতি আৰু ডিফু সাহিত্য সভাৰ বিষয়-ববীয়াসকল তথা সাধাৰণ ৰাইজ উপস্থিত থাকে।













