![]()
নিউজ ডেস্কঃ
ক্রিকেটক বিদায় জনোৱাৰ পিছত এইবাৰ অন্য ভূমিকাত দেখা যাব হৰভজন সিঙক। সকলো ঠিকে থাকিলে আম আদমি পার্টিৰ মনোনীত সদস্য হৈ ৰাজ্যসভালৈ যাব হৰভজন। শচীন তেণ্ডুলকাৰৰ পথেই অনুসৰণ কৰিবলৈ আগবাঢ়িছে তেওঁ। অৱশ্যে আপৰ তৰফৰ পৰা এতিয়াও সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই৷
উল্লেখ্য, পঞ্জাবত সম্প্রতি ক্ষমতালৈ আহিছে আপ। বুধবাৰে মুখ্যমন্ত্রী হিচাবে শপত গ্ৰহণ কৰে ভগৱন্ত মানে। তাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যসভালৈ পাঁচজন সদস্যক মনোনীত কৰিব পাৰিব আপে। তাৰেই এজন হ’বলৈ আগবাঢ়িছে ভাৰতৰ প্রাক্তন স্পিনাৰগৰাকী।













