![]()
নিউজ ডেস্কঃ
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰাচিত দ্বিতীয় টেষ্টৰ চতুর্থ ইনিংছত ঐতিহাসিক ইনিংছ খেলিলে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে। ৪ ৰানৰ বাবে নিজৰ দ্বিশতৰানৰ পৰা হ’লেও ক্রিকেট ইতিহাসত নাম লিপিবদ্ধ কৰিলে পাক অধিনায়কজনে। ১৯৬ ৰানৰ অধিনায়কোচিত ইনিংছ খেলি দলক পৰাজয়ৰ মুখৰ পৰাও উভতাই আনে বাবৰ আজমে। শতৰান কৰি তেওঁক যোগ্য সঙ্গ দিয়ে উইকেটৰক্ষক মহম্মদ ৰিজৱানে।
কৰাচী টেষ্টৰ পঞ্চম দিনত বাবৰ-ৰিজৱান যুটিৰ সৌজন্যতেই নিশ্চিত পৰাজয়ৰ মেচ ড্র কৰে পাকিস্তানে। মেচত প্রথমে বেট ধৰি ৫৫৬ ৰান কৰে অষ্ট্ৰেলিয়াই। প্ৰত্যুত্তৰত প্রথম ইনিংছত মাত্র ১৪৮ ৰানতে অলআউউট হৈ যায় পাকিস্তান। ৪০৮ ৰানৰ বিশাল অগ্ৰগতি লৈ দ্বিতীয় ইনিংছ মাত্র ৯৭ ৰানতে ঘোষণা কৰে অজি বাহিনীয়ে। ৫০৬ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামোতে সকলোৱেই ভাবিছিল পাকিস্তানৰ পৰাজয় কেবল সময়ৰ অপেক্ষা। কিন্তু আবুদল্লা চফিকৰ ৯৬, মহম্মদ ৰিজৱানৰ ১০৪ আৰু অধিনায়ক বাবৰ আজমৰ ১৯৬ ৰেকর্ড ইনিংছৰ সৌজন্যত মেচ ড্র কৰে পাকিস্তানে।













