![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলঙৰ বাবে সুখবৰ ৷ ক্ৰীড়াৰ ক্ষেত্ৰখনত কাৰবি আংলঙৰ খেলুৱৈসকলৰ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠাৰ সুৱৰ্ণ সুযোগ পাইছে ৷ কিয়নো চলিত মাহৰ ২৬ তাৰিখৰ পৰা নাগালেণ্ডৰ ক’হিমাত অনুষ্ঠিত হ’বলগীয়া নেছনেল ক্ৰছ কাণ্ট্ৰী চেম্পীয়ণশ্বীপত খেলাৰ সুবিধা পাইছে ডিফু এথলেটিকছ একাডেমীৰ দুই প্ৰতিভাৱান খেলুৱৈ ছাংমিৰ টেৰণপী আৰু হাৰমন তিমুঙে ৷
যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ক্ষেত্ৰীত অনুষ্ঠিত হোৱা নেছনেল ক্ৰছ কাণ্ট্ৰী ছিলেকচন ট্ৰায়েলত খেলুৱৈ দুগৰাকীয়ে ক্ৰমে, ১৮ অনুৰ্ধৰ ৪ কিঃমিঃ শাখাত আৰু ১৬ অনুৰ্ধৰ ২ কিঃমিঃ শাখাত অসমৰ আন ৫ গৰাকী খেলুৱৈৰ সৈতে নিৰ্বাচিত হেছে ৷ কৰ’না মহামাৰীৰ বাবে পিছুৱাই দিয়া চেম্পীয়নশ্বীপ চলিত মাহৰ ২৬ তাৰিখে ক’হিমাত অনুষ্ঠিত হ’ব আৰু তাতে দুয়োগৰাকী খেলুৱৈয়ে কাৰবি আংলঙ আৰু অসমক প্ৰতিনিধিত্ব কৰিব বুলি জানিব পৰা গৈছে ৷ ডিফু এথলেটিকচ একাডেমীয়ে খেলুৱৈ দুগৰাকীৰ সফলতা কঢ়িয়াই অনাটো কামনা কৰি শুভেশ্ছা জ্ঞাপন কৰিছে ৷












