![]()
ছাইদুল ইছলাম
ডিফু : ডিফুত আজি দৌলোৎসৱৰ মাজত জিলা পৰিবহণ বিভাগে চলাইছে অভিযান ৷ আজি ডিফু-মাঞ্জা পথৰ ৰংখেলানত জিলা পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট বিষয়া আছানু হকৰ নেতৃত্বত সংগীয় ষ্টাফ আৰু স্থানীয় আৰক্ষীৰ সহযেগত হাতত ‘ই চালান’ৰ মেচিনলৈ নামি পৰে ৰাজপথত ৷ ৰাজপথেৰে হেলমেট বিহীনভাবে দুচকীয়া বাহনৰ চালক-আৰোহী আৰু নিচাসক্ত চালকসকল আৰু চীট বেল্ট নলগোৱাকৈ চলোৱা চাৰিচকীয়া চালকৰ বিৰুদ্ধে এই অভযান চলোৱা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে এনফৰ্চমেণ্ট বিষয়াগৰাকীয়ে ৷
অৱশ্যে বিষয়াগৰাকীয়ে ইয়াকো কয় যে প্ৰতিটো উৎসৱৰ সময়তে যান-বাহন আইন উলংঘাকাৰীসকলৰ বিৰুদ্ধে এনেদৰে অভিযান চলোৱা হ’ব ৷












