![]()
ছাইদুল ইছলাম
ডিফু : ৪৩ সংখ্যক সদৌ অসম ৰাজ্যিক জুনিয়ৰ আৰু চিনিয়ৰ এথলেটিকছ প্রতিযোগিতাত ডিফু এথলেটিকচ একাডেমিৰ হৈ কাৰবি আংলঙৰ প্রতিভাৱান খেলুৱৈসকলে ৬টা সোণৰ পদক, ৭ ৰূপ আৰু ৭ টাকৈ ব্রঞ্জৰ পদকৰ সৈতে মুঠ ২০ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কাৰবি আংলঙলৈ গৌৰৱ কঢ়িয়াই অনা এথলেটিক দলটোৰ উদীয়মান খেলুৱৈ সকলক প্রেৰণা আৰু উৎসাহ যোগাবৰ বাবে আজি ডিফু কাছা খেল পথাৰত প্ৰাক্তন পিডিচিকে ওৱেলফেয়াৰ ছ’চাইটিয়ে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি খেলুৱৈ সকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷
সম্বৰ্ধনা অনুষ্ঠাত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, ডিফু প্ৰেছ ক্লাৱৰ সম্পাদক তথা ডিফু এথলেটিকচ একাডেমীৰ উপদেষ্টা জয়চিং টকবী আৰু প্ৰাক্তন পিডিচিকে ওৱেলফেয়াৰ ছ:’চাইটিৰ উপদ্ষ্টা কংকাট টেৰণে খেলুৱৈ সকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দেৱজ্যোতি বৰাৰ লগতে চুহন প্ৰসাদ মাহাতু ইপস্থিত থাকে ৷












