![]()
ছাইদুল ইছলাম
ডিফু : আজি পুৱাৰ ভাগতে ডিফু ৰে’লষ্টেচনত এটি ছিন্ন ভিন্ন ৰে’লে কটা মৃতদেহ পৰিলক্ষিত হয় ৷ চৰকাৰী ৰেল আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি আজি চাৰে পাঁচমান বজাত অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰঙাপাহাৰ ছাইডিঙৰ ২৫০/৩ কিঃমিঃ ৰে’লপথত এজন লোকৰ মৃতদেহ পৰি থকাৰ সম্ভেদ লাভ কৰে ৷ ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ডিফু ৰে’লষ্টচনলৈ আনে ৷ পিছত কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে মৃতদেহটোৰ চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰাবলৈ ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ প্ৰেৰণ কৰে ৷ ডিফু চৰকাৰী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰ দেৱ গোস্বামীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি উদ্ধাৰ হোৱা ছিন্ন ভিন্ন ৰে’লে কটা অচিনাক্ত মৃতদেহটো প্ৰায় ৪০-৪৫ বছৰীয়া বয়সৰ এজন পুৰুষৰ ৷
উক্ত মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা মৰ্গত সংৰক্ষণ কৰি ৰখা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷












