![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
ডিফু : আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত সময়ত নিশ্চিদ্ৰ অভিযান অব্যাহত ৰখা কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই মাৰাত্মক হেৰʼইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুই মহিলাক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত তালাচী অভিযান চলায়। আৰক্ষীৰ অভিযানৰ মাজতে পুৱা প্ৰায় 9.30 বজাত ডিমাপুৰৰ পৰা আহি থকা এএছ-21-চি-9306 নম্বৰৰ যাত্ৰীবাহী আলট্ৰা বাছখনত তালাচীত এগৰাকী মহিলাৰ জিম্মাৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 47.01 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছখিনি সৰবৰাহকাৰী নগাঁও জিলাৰ ৰহা মণিপুতু ভক্তগাঁও নিবাসী হবিজুল হকৰ পত্নী ফাৰহানা বেগম (25)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ধৃত মহিলাগৰাকীৰ দেহৰ ভিতৰত কৌশলেৰে হেৰʼইনখিনি লুকুৱাই অনা হৈছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকীক দেহত হেৰʼইনখিনি ভৰাই অনাত সহযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে মৰিগাঁও জিলাৰ লাহৰীঘাট বৰবৰী ৰিজাৰ্ভৰ ফৰিদা বেগম (20) নামৰ আন এগৰাকী মহিলাকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত ফৰিদা বেগম সম্পৰ্কত ড্ৰাগছ সৰবৰাহকাৰী ফাৰহানা বেগমৰ ননদ বুলি জানিব পৰা গৈছে।













