ASSAM TIMES POST
বোকাখাতঃ গোলাঘাট জিলাৰ মিচিং জনগোষ্ঠীৰ প্ৰথমজন কবি, সুদক্ষ খেলুৱৈ, নিবন্ধকাৰ, প্ৰৱন্ধকাৰ, নৃ-তাত্ত্বিক গৱেষক, সাহিত্যিক প্ৰয়াত টংকেশ্বৰ লইঙৰ জন্ম দিৱস উপলক্ষে যোৱা ১ অক্টোবৰত টংকেশ্বৰ লয়িং স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভাৰ কাৰ্যালয়ত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত হৈ যায়।
কবি সাংস্কৃতিক কৰ্মী জয়ন্ত মাধৱ মৰাঙে আঁত ধৰা অনুষ্ঠানত টংকেশ্বৰ লইং স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সমাজ সংগঠক, বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক কৃষক নেতা সোণেশ্বৰ নৰহ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতি মানিক চন্দ্ৰ দলে, জ্যেষ্ঠ সমাজকৰ্মী তথা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গোবিন দলে, জ্যেষ্ঠ সমাজকৰ্মী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙামাটি আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি হৰিণ লইং আৰু কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° দেৱাৰ্থ মৰাঙে।

এই উদ্দেশ্যে অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলন কৰে বন বিষয়া দুলাল মৰাঙে। বিশিষ্ট কবি গোপাল মৰাঙে স্মৃতি তৰ্পন কৰাৰ পাছতে বৃক্ষৰোপণ কৰে সমাজকৰ্মী চিনেশ্বৰ মৰাং আৰু টংকেশ্বৰ লইং স্মৃতি ৰক্ষা সমিতিৰ সভাপতি কনকধন বৰিয়ে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বোকাখাত ব্লক কংগ্ৰেছ কমিতিৰ সম্পাদক, প্ৰাক্তন ছাত্র নেতা বিমল দলে, শিক্ষক ধৰ্মিন্দৰ দলে, গোলাঘাট জিলা টি এম পি কেৰ সভাপতি প্ৰশান্ত লইং, টি এম পি কেৰ কেন্দীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰসেন লইং, এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন ফৰ্কাটিং শাখাৰ সম্পাদক কমল পাটগিৰি, বিশিষ্ট সমাজকৰ্মী ৰাজকুমাৰ পেগু, কৃতি শিক্ষক তথা সমাজকৰ্মী যতীন লইং, শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ মহুৰা আঞ্চলিক শাখাৰ সভাপতি অজিত কুমাৰ মৰাং, বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সমাজকৰ্মী হৰেণ বৰি, অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সমাজকৰ্মী সৰ্বেশ্বৰ লইং, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, সাংবাদিক তথা উদীয়মান সমাজ সংগঠক পৱন কামান, যুৱ সমাজকৰ্মী ছাত্র নেতা জ্যোতিস্মান লইং আদিয়ে।
বিশিষ্ট সাহিত্যিক তথা মহুৰামুখ অঞ্চলৰ পিতামহ সদৃশ মহেশ্বৰ শইকীয়াই টংকেশ্বৰ লইঙে কলেজিয়া অৱস্থাত ৰচনা কৰি থৈ যোৱা কাব্য গ্ৰন্থ “পোহৰৰ যাত্ৰী আমি” উন্মোচন কৰে। বিশিষ্ট শিক্ষাবীদ- সমাজ সংগঠক-কবি যোগেশ লইঙে সঞ্চালনা কৰা সভাত স্বৰচিত কবিতা পাঠ কৰে কবি-নাট্যকৰ্মী অমল দাও, বিশিষ্ট নাট্যকৰ্মী-কবি পলাশ লইং, কবি বিশ্বজিৎ দাৱ, দেৱজিৎ বিলু , কবি-গল্পকাৰ তৰুণ দলে আৰু কবি ক্ৰমে অজয় মৰাং, ৰঙিলী লইং, জয়া বৰি আদিয়ে। কবিতা আবৃত্তি কৰে অৰ্পিতা লইং আৰু শ্যামলীমা মৰাঙে। অনুষ্ঠানৰ শেষত শলাগৰ। টংকেশ্বৰ লয়িং স্মৃতি সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়ক কবি নাট্যকৰ্মী অমল দাৱৰ সামগ্ৰিক পৰিকল্পনাৰে অনুষ্ঠিত অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সুৰক্ষা সমিতিৰ সভাপতি প্ৰধান শিক্ষক কনক ধন বৰিয়ে।












