ASSAM TIMES POST
বোকাখাতঃ বিগত বছৰত ৰোণাল্ড হুছেইনৰ পৰিচালনাৰে নাট্যকাৰ অমৰ শৰ্মাৰ ‘দ্যা আল্টিমেট বুমেৰাং’ একাংক নাটকৰ জড়িয়তে সমগ্ৰ অসমতে সফলতা লাভ কৰাৰ লগতে ‘আইনা, জীৱনৰ ৰংগমঞ্চ’ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভ আৰু কেইবাটাও শিতানত শ্ৰেষ্ঠ পুৰস্কাৰেৰে নাট্যনগৰী বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা ‘সাৰথি, বোকাখাত’এ চলিত বছৰৰ বাবেও এখনি নতুন নাটৰ প্ৰযোজনাৰ বাবে সাজু হৈছে।

এই উদ্দেশ্যে নাট্যগোষ্ঠীটোৰ উদ্যোগত আজি বোকাখাত নাট্য মন্দিৰত নাট্যকাৰ অমৰ শৰ্মাৰ এখনি নতুন একাংক নাট ‘পেণ্ডুলাম’ৰ শুভমহুৰত অনুষ্ঠিত হৈ যায়। মহুৰত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী জিতু শৰ্মা ৰাজখোৱাই। নাট মুকলি কৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক-কবি ৰফিকুল হোচেইনে, নাৰিকল ভাঙি মহুৰতৰ শুভ আৰম্ভনি কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু সাংবাদিক তথা বিশিষ্ট নাট্যকৰ্মী প্ৰদ্যুত মহন্তই। ‘সাৰথি, বোকাখাত’ৰ নিবেদনত একাংক নাটখনিৰ পৰিচালনা কৰিব বিশিষ্ট নাট পৰিচালক ৰোণাল্ড হুছেইনে।

কবি-নাটক্যাৰ তথা ‘সাৰথি, বোকাখাত’ৰ মুখ্য উপদেষ্টা অমৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত ক্ৰমে ৰফিকুল হোচেইন, জিতু শৰ্মা ৰাজখোৱা, বুবুল দত্ত, ৰোণাল্ড হুছেইন, ‘সাৰথি, বোকাখাত’ৰ মুখ্য আহ্বায়ক ৰিপুঞ্জয় দত্ত, বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ ৰাজখোৱা, প্ৰদ্যুত মহন্ত, প্ৰবীণ নাট্যকৰ্মী মনো বৰা, নাট সমালোচক অজন্তা তালুকদাৰ, বিশিষ্ট সত্ৰীয়া নাট্যকৰ্মী তথা ৰূপসজ্জা শিল্পী অনিল বৰা, নৱ প্ৰজন্মৰ নাট্যকৰ্মী ৰাতুল ফুকনে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।
সভাতে কবি-নাট্যকৰ্মী অমল দাৱে শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱাৰ লগতে এটি স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি সজীৱ কৰি তোলে। মহুৰত অনুষ্ঠানটিত যুৱ প্ৰজন্মৰ বিশিষ্ট নাট্যকৰ্মীবৃন্দ ক্ৰমে ৰিতুপন চৌধুৰী, শিল্পীশিখা শৰ্মা, দুৰ্লভ নাৰায়ন বিদ্যাৰ্থী, জিতুল ফুকন, ‘সাৰথি, বোকাখাত’ৰ সদস্য ৰূপম শইকীয়া, কেশৱ ছেত্ৰী আৰু পল্লৱ নেওগৰ, বোকাখাতৰ আন গণ্যমান্য ব্যক্তিকে ধৰি প্ৰায় ৪০ গৰাকী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অমৰ শৰ্মাই।












