ASSAM TIMES POST
নগাঁওঃ বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰী উদ্ধৱ ভৰালীক আজি নগাঁৱত দ্ৰোণাচাৰ্য মহাবিদ্যালয় বঁটা প্ৰদান কৰা হয় । নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ে বিশিষ্ট উদ্ভাৱক গৰাকীক এই বঁটা প্ৰদান কৰে । শিক্ষানুষ্ঠানখনৰ নৱাগত আদৰনি সভা উপলক্ষে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত মুকলি সভাত এই বঁটা গ্ৰহণ কৰি অসম গৌৰৱ বিজ্ঞানী গৰাকীয়ে কয় যে জীৱনত সফলতাৰ কোনো চমু পথ নাই। সফলতা লাভ কৰিবলৈ হ’লে একাগ্ৰতাৰ লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

আনহাতে জ্ঞানৰ পোহৰেৰে আলোকিত হৈ ছাত্ৰ- ছাত্ৰী সকলে সেই জ্ঞানেৰে সমাজক পোহৰাবলৈ তেওঁ আহবান জনায় । ভাষণ প্ৰসংগত ভৰালীয়ে ছাত্ৰ ছাত্ৰী সকলক বৈজ্ঞানিক মানসিকতা গঢ় তোলাত যত্নপৰ হ’বলৈ পৰামৰ্শ দিয়ে । মহাবিদ্যালয়খনৰ অধ্যক্ষ ভীষ্ম দূল্লৰ্ভ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড° দিব্যজ্যোতি মহন্তই ছাত্র- ছাত্ৰী সকলক উদ্দেশ্যি কয় যে একাগ্ৰতা আৰু নিষ্ঠাৰে অধ্যয়ন কৰিলে সফলতা লাভ কৰিব পাৰি ।
তেওঁ ছাত্ৰ- ছাত্ৰী সকলক সাম্প্ৰতিক সময়ত প্ৰতিযোগিতা ক্ষেত্ৰখনৰ লগত জড়িত হ’বলৈ আহবান জনায়। ড: মহন্তই আৰু কয় যে জানিবৰ বাবে , কিবা কৰিবৰ বাবে পঢ়িব লাগে । ছাত্ৰ- ছাত্ৰীয়ে নিজে আৰ্জন কৰা জ্ঞান সমাজৰ কামত ব্যৱহাৰ কৰিব লাগে । ভক্ত প্ৰহ্লাদৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে প্ৰহ্লাদে খুটাৰ ভিতৰত ভগৱান থকাৰ জ্ঞান লাভ কৰিছিল । ছাত্ৰ- ছাত্ৰী সকলে খুটাৰ ভিতৰৰ পৰা জ্ঞান খুচৰি উলিয়াই আনিব লাগিব । উল্লেখ্য, বিগত কেইবা বছৰ ধৰি দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়ে প্ৰতি বছৰে দ্ৰোণাচাৰ্য মহাবিদ্যালয় বটাঁ প্ৰদান কৰি আহিছে ।সভাত নবাগত ছাত্ৰ- ছাত্ৰী সকলক আদৰণি জনোৱা হয়। সভাৰ অন্তত ছাত্ৰ- ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।












