ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ ইতিমধ্যে উজনি অসম আৰু বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত ৫০ হেজাৰৰো অধিক গছপুলি ৰোপণেৰে পাৰিপাৰ্শ্বিকতাক অধিক স্নিগ্ধ আৰু সেউজ কৰি তোলা গ্ৰাছ, বোকাখাতে নুমলীগড় শোধনাগাৰৰ আৰ্থিক সাহায্যত ৰঙামাটি মৌজাৰ লগতে বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত দুহেজাৰ গছপুলি ৰোপণৰ লক্ষ্য লৈ তেল শোধণাগাৰৰ উদ্যোগত আৰু গ্ৰাছৰ সহযোগত যোৱা ৩ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্বচ্ছতাৰ ওপৰত সজাগতা মূলক সভা আৰু প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ বাবে এক সজাগতা সভাৰ আয়োজন কৰা হয়।

বোকাখাত টাউন হাইস্কুলত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিৰিক্ত বন সংৰক্ষক খৰ্গসিং ডেকাৰজাই অনুষ্ঠান মুকলি কৰে।
সমল ব্যক্তি হিচাপে উপস্থিত থাকি নাট্যকাৰ সাংবাদিক অমৰ শৰ্মা আৰু শিক্ষাবিদ সমাজকৰ্মী ফণীধৰ হাজৰিকাই পৰিবেশ সংৰক্ষণ আৰু প্লাষ্টিক বৰ্জনৰ ওপৰত বক্তব্য ৰাখে। বোকাখাত টাউন হাইস্কুলত অনুস্থিত সভাত বিদ্যালয়খনৰ হৈ কেউজন ব্যক্তিৰ লগতে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰক সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছত প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ কৰা হয় । এই কাৰ্যসূচীৰ জড়িয়তে দুহেজাৰ গছপুলি ৰোপন কৰাৰ গ্ৰাছৰ দ্বিতীয় লানি কাৰ্যসূচী সম্পন্ন হয় । সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্র ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশ লয়।













