ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ ষষ্ঠীৰ বেদী অধিষ্ঠিত হল মা দুৰ্গা৷ ৰাজ্যৰ চৌদিশে এতিয়া উঠপথপ পৰিৱেশে৷ ৰাজ্যৰ পূজা মণ্ডপ সমূহৰ মাজত যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷ পূজা মণ্ডপ সমূহৰ আলোকসজ্জাই সকলোৰে আকৰ্ষণ কাঢ়িছে৷ এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই গোলাঘাটৰ পূজা মণ্ডপ সমূহো৷
গোলাঘাটৰ জি এফ ৰোড পূজা সমিতিয়ে চন্দ্ৰ যানৰ আৰ্হিত নিৰ্মান কৰা পূজা মণ্ডপে সকলোৰে দৃশ্য আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ লাখ লাখ টকা ব্যয় কৰি কোনো বহিৰাগত শিল্পী বা কাৰিকৰৰ পৰিৱৰ্তে স্থানীয় শিল্পী কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰি উলিৱাইছে চন্দ্ৰ যানৰ আৰ্হিৰ পূজা মণ্ডপটো৷ যাক লৈ এতিয়া ৰাইজক আকৰ্ষিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে জি এফ ৰোডস্থিত পূজা কমিটিৰ বিষয়ববীয়া সকলে৷













