ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ চাৰি শতাধিক পূজা মণ্ডপত কালিৰে পৰা আৰম্ভ হৈছে দেৱী দুৰ্গাৰ বন্দনা । কালি ষষ্ঠীৰ সন্ধিয়া বেদীত দেৱী প্ৰতিমা প্ৰতিষ্ঠাৰ লগে লগেই পূজা মণ্ডপ সমূহত পুৰুহিতৰ মন্ত্ৰ, ঢাকৰ শব্দই ৰজনজনাবলৈ আৰম্ভ কৰে।
এইবাৰ কেৱল নগাঁও পৌৰ এলেকাৰ ভিতৰত শতাধিক খন পূজা সমিতিৰ উদ্যোগত ৮০হেজাৰ টকাৰ পৰা ১৫-২০লাখ টকা পৰ্যন্ত বাজেটেৰে দুৰ্গা পূজা অনুষ্ঠিত হৈছে।ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্য, অত্যাধুনিক কাৰুকাৰ্যৰ চমৎকাৰিতা আৰু আলোক সজ্জাৰে এইবাৰো নগাঁও চহৰৰ অধিকাংশ পূজা সমিতিয়েই চমক সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

এইবাৰ নগাঁও চহৰত অনুষ্ঠিত শতাধিক খন পূজাৰ ভিতৰত পাঁচ খন পূজাই ইতিমধ্যেই শতবৰ্ষ গৰকিছে। চহৰ খনৰ বেলতলা(খ্ৰীষ্টান পট্টি)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ ঘৰৰ দুৰ্গা মন্দিৰত এইবাৰ ১৭০ সংখ্যক দুৰ্গাপূজা, হয়বৰগাঁও বীণাপাণি পূজা সমিতিৰ উদ্যোগত ১৫০ সংখ্যক দুৰ্গাপূজা আৰম্ভ হৈছে।
আনহাতে,নগাঁও বাঙ্গালী সন্মিলনীৰ উদ্যোগত ১২৬ সংখ্যক দুৰ্গা পূজা,আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৪ সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টি সাৰ্বজনীন দুৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২২ সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত হৈছে। আনহাতে, চহৰ খনৰ পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ৯৮সংখ্যক, হিন্দুস্হানপট্টি সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯০ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৮৭ সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৮৭ সংখ্যক, এন এফ ৰেলৱে পূজা সমিতিৰ ৭৯ সংখ্যক,দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৭৫ সংখ্যক হীৰক জয়ন্তী বৰ্ষ, ছামাদ্দাৰপট্টি সাৰ্বজনীন পূজা সমিতিৰ ৭২সংখ্যক, হয়বৰগাঁও ৰেলৱে সাৰ্বজনীন কালী মন্দিৰত ৭১সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৬৭সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৬৫ সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত হৈছে। নগাঁৱৰ পুৰণিগুদামত ১১৯বছৰীয়া কাঠৰ দুৰ্গা প্ৰতিমাৰ পূজা আৰম্ভ হৈছে।
তাৰোপৰি,জিলা খনৰ চাপৰমুখ, ৰহা, ফুলগুৰি, বেবেজীয়া,দক্ষিণপাট, দলংঘাট, ধিং, জুৰীয়া, ৰূপহী, লাওখোৱা, আমবাগান, কলিয়াবৰ, কুঠৰী, আমনি, চামগুৰি, লাইলুৰী, সোণাইবালি, গড়াজান, পুৰণিগুদাম, উৰিয়াগাঁও, ভোটাইগাঁও, ডিমৰুগুৰি,পাঠৰী, ননৈ, বঢ়মপুৰ, চাপানলা, কন্দলী, কঠিয়াতলী, কামপুৰ, দক্ষিণপাট, জামুগুৰি আদিৰ লগতে ২৪খন চাহ বাগিচা এলেকাতো বিভিন্ন পূজা সমিতিৰ উদ্যোগত কালিৰে পৰা জাকজমকৈ দুৰ্গাপূজা আৰম্ভ হৈছে।
● নগাঁৱত পুলৱামা কাণ্ডৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ
কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় চিআৰপিএফ জোৱানৰ ওপৰত কৰা বৰ্বৰোচিত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰৰ দৃশ্যাংশ এইবাৰ নগাঁৱত দুৰ্গাপূজাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ।
শাৰদীয় দুৰ্গোৎসৱৰ বাবে পুলৱামাৰ প্ৰতিশোধৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে নগাঁৱৰ শংকৰ মিশ্যন পূজা কমিটীয়ে।নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত পাক অধিকৃত কাশ্মীৰৰ পৰ্বতৰ আৰ্হিত এই পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে। কলকাতাৰ কাৰিকৰে নিৰ্মাণ কৰা এই মণ্ডপত ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰি পুলৱামাৰ আক্ৰমণৰ পোতক লোৱাৰ দৃশ্যাংশ ৰাইজৰ আগত তুলি ধৰিছে।
● সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান দূৰ্গা দেৱীক
নগাঁও চহৰৰ দক্ষিণ হয়বৰগাও নাট্য সমিতিৰ উদ্যোগত অনুষ্ঠিত দূৰ্গা পূজাখনিয়ে চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিলে।হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰা পূজা খনিত দূৰ্গা প্ৰতিমা সহ সকলো দেৱ -দেৱীক সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰোৱা হৈছে।
দেৱী দুৰ্গাক মুগাৰ সাজ পৰিধান কৰাৰ বিপৰীতে আন আন দেৱ- দেৱীক পাটৰ সাজ পৰিধান কৰোৱা হৈছে।হীৰক জয়ন্তী বৰ্ষৰ পুজাখনিত সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিহিত প্ৰতিমা আৰু আকৰ্ষণীয় পূজা মন্ডপে ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে।













