ASSAM TIMES POST
ডিফু: সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকা আৰু পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য শৰত বৰাক শনিবাৰে বহিষ্কাৰ কৰা হয়।
এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰিছে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দিপজ্যোতি দাস আৰু চাৰ্জুন হাঞ্চেয়ে। বিজ্ঞপ্তিটোত উল্লেখ থকা অনুসৰি, পূৰ্বে উল্লেখিত দুয়োজনে আছুৰ সংবিধানৰ পৰিপন্থী কৰ্মত লিপ্ত হোৱাৰ বাবেই প্ৰাথমিক সদস্য পদৰপৰা বহিষ্কাৰ কৰা হৈছে।
সেয়ে অনাগত দিনসমূহত সন্থাৰ যিকোনো কৰ্মৰ বাবে দুয়োৰে যোগাযোগ নকৰিবলৈ সকলোকে আহ্বান জনাই বিজ্ঞপ্তিটোৰ জৰিয়তে।













