গুৱাহাটীঃ বৰ্তমান অসম সাহিত্য সভাত বলিছে নিৰ্বাচনী বতাহ। সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন সংগ্ৰহ কৰা প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল যোৱা সোমবাৰ। সেয়েহে এতিয়া সন্মানীয় এই আসনকেইখনত মুঠ কেইজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া ওলাই পৰিছে। সেই অনুসৰি, সভাপতিৰ আসনখনৰ বাবে ৭ গৰাকী, উপ-সভাপতিৰ আসনখনৰ বাবে ৪ গৰাকী আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তলত তেওঁলোকৰ নামসমূহো উল্লেখ কৰা হ’লঃ
সভাপতি পদৰ প্ৰাৰ্থীঃ
কুলধৰ শইকীয়া
ডঃ বসন্ত কুমাৰ গোস্বামী
ডঃ কৰবী ডেকা হাজৰিকা
সূৰ্যকান্ত হাজৰিকা
প্ৰহ্লাদ চন্দ্ৰ তাছা
ডঃ জয়শ্ৰী গোস্বামী মহন্ত
পখিলা কলিতা
উপ-সভাপতি পদৰ প্ৰাৰ্থীঃ
ডঃ বসন্ত কুমাৰ শৰ্মা
মৃণালিনী দেৱী
পদুমী গগৈ
ৰতিমোহন নাথ
প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থীঃ
দেৱজিত বৰা
হৰেন্দ্ৰ কলিতা
যাদৱ চন্দ্ৰ শৰ্মা
উল্লেখযোগ্য যে এই পদকেইটাৰ কাৰণে অহা ১ নৱেম্বৰৰপৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।













